ETV Bharat / city

LIC : জীৱনজোৰা প্ৰতিশ্ৰুতি দি আধাতে এৰিলে সংগ

author img

By

Published : Aug 24, 2021, 2:13 PM IST

Updated : Aug 24, 2021, 3:23 PM IST

LIC : Zindagi ke saath bhi, Zindagi ke baad bhi. সকলোৱে বিশ্বাস কৰিছিল এই প্ৰতিশ্ৰুতিত ৷ যাৰ বাবে কোনোদিন কৰা নাছিল কোনো প্ৰশ্ন ৷ কিন্তু প্ৰতিশ্ৰুতি ভংগকাৰী টেলিফোন কোম্পানী Aircel ৰ লেখীয়াকৈ দুখ দিলে LIC য়েও ৷ কিন্তু জীৱনবীমা কোম্পানীটোৱে এনে কি কৰিলে, যাৰ দ্বাৰা ক্ষোভিত হৈছে গ্ৰাহক ৷ চাওক এই প্ৰতিবেদনত-

জীৱনজোৰা প্ৰতিশ্ৰুতি দি আধাতে এৰিলে সংগ
জীৱনজোৰা প্ৰতিশ্ৰুতি দি আধাতে এৰিলে সংগ

গুৱাহাটী, 24 আগষ্ট : আপুনি LIC ত ধন জমা থোৱাৰ কথা চিন্তা কৰিছে নেকি । যদি ভাবিছে তেন্তে প্ৰথমে নিজে অলপ সাৱধান হওক । কিয়নো আপোনাৰ অলপ অসাৱধানতাৰ বাবে আপুনি হেৰুৱাব পাৰে কষ্টোপাৰ্জিত জমা ধন । তেনে এক ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ দাঁতিকাষৰীয়া বোন্দা অঞ্চলত ।

পৰিয়ালৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ কষ্টোপাৰ্জিত ধন ভাৰতীয় জীৱন বীমা নিগমৰ জমা কৰি এতিয়া বিপদত পৰিছে নাৰেংগীৰ বোন্দা অঞ্চলৰ এজন গ্ৰাহক । এল আই চিৰ এজেণ্টৰ জালিয়াতি তথা প্ৰৱঞ্চনাৰ বাবে সৰ্বস্বান্ত হৈ নিজৰ প্ৰাপ্য ধন বিচাৰি অৱশেষত মহানগৰীৰ ফাঁচীবজাৰস্থিত এল আই চি কৰ্তৃপক্ষ আৰু আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈছে মহানগৰীৰ বোন্দাৰ চপাইদাঙৰ ৰাজেশ বৈশ্য । ফাঁচীবজাৰস্থিত জীৱন বীমা নিগম কৰ্তৃপক্ষৰ কাৰ্যালয়ত এজেণ্ট সৌৰভ দাসৰ বিৰুদ্ধে ইতিমধ্যে এক অভিযোগ দাখিল কৰিছে ভুক্তভোগী লোকজনে ।

LIC এজেণ্টে হৰলুকি কৰিলে কষ্টোপাৰ্জিত ধন

ৰাজেশ বৈশ্য এই সন্দৰ্ভত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত বিগত ১ মার্চত দাখিল কৰিছিল এজাহাৰ । ভুক্তভোগী ৰাজেশ বৈশ্য নামৰ লোকজনে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০ ধাৰাৰ অধীনত ৬৪/২১ নম্বৰত এক গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে আজি পৰ্যন্ত ঘটনা সন্দৰ্ভত কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ।

অৱশেষত ব্যক্তিগৰাকীয়ে দুখ-দুৰ্দশাৰ কথা সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰি উচুপি উঠে ৷ লোকজনে জানিবলৈ দিয়া মতে, নলবাৰী জিলাৰ আৰিকুছিৰ সৌৰভ দাস নামৰ জীৱন বীমা নিগমৰ এজেণ্টজনৰ জৰিয়তে ২০০৪ চনৰ পৰা তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ নামত মুঠ ৫ টাকৈ পলিচি খোলে ৷

লগতে পঢ়ক : 1 ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ চৰকাৰৰ

উক্ত পাঁচটাকৈ পলিচিৰ বিপৰীতে আদায় দিবলগীয়া কিস্তিৰ ধনসমূহ বেংক একাউণ্টৰ চেকযোগে সৌৰভ দাসক আদায় দিছিল । এনেদৰে দীৰ্ঘদিন ধৰি এজেণ্টজনৰ সৈতে গ্ৰাহক বৈশ্যৰ লেনদেন চলি আছিল । চলিত বৰ্ষৰ জানুৱাৰী মাহত বৈশ্যই এজেণ্টজনৰ ওচৰত জীৱন বীমা নিগমৰ পলিচিৰ বিপৰীতে দীৰ্ঘদিন ধৰি জমা দি থকা ধনৰাশিৰ ৰচিদসমূহ বিচাৰে । কিন্তু এজেণ্টজনে গ্ৰাহকজনক এই ৰচিদসমূহ ঘূৰাই দিয়াৰ ক্ষেত্ৰত অপৰাগতা প্ৰকাশ কৰাত সন্দেহ ওপজে গ্ৰাহক বৈশ্যৰ । সেইমৰ্মে বৈশ্যই জীৱন বীমা নিগমৰ গুৱাহাটীৰ ফাঁচীবজাৰস্থিত কাৰ্যালয়ত যোগাযোগ কৰাত প্ৰায় চাৰি লাখ টকাৰ বিসংগতি ধৰা পৰে ।

জীৱন বীমা নিগম কাৰ্যালয় কৰ্তৃপক্ষই বৈশ্যক জনোৱা মতে, তেওঁ জমা দিয়া চেকসমূহ তেওঁৰ পলিচিৰ বিপৰীতে আন কোনোবা লোকৰ এল আই চিৰ একাউণ্টতহে জমা হৈছে । অৱশ্যে ইয়াৰ এক উচিত তদন্ত কৰা হ’ব বুলি কৰ্তৃপক্ষই আশ্বাস প্ৰদান কৰিয়েই দায়িত্ব সামৰাত আক্ষেপ প্ৰকাশ কৰে ভুক্তভোগী লোকজনে ।

লক্ষণীয় কথা এই যে, এই ঘটনাৰ ছমাহ অতিক্ৰম কৰাৰ পিছতো সৌৰভ দাস নামৰ এজেণ্টজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জীৱন বীমা নিগমৰ ঊৰ্ধতম কৰ্তৃপক্ষই । বৰং কৰ্তৃপক্ষৰ তৰফৰ পৰা সমগ্ৰ বিষয়টো অতি সোনকালে নিষ্পত্তি কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিয়েই দায়িত্ব সামৰাত এজেণ্টজনৰ সৈতে এল আই চি কৰ্তৃপক্ষৰ কিবা গোপান বুজাবুজি থকাৰ সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে ।

লগতে পঢ়ক : পছন্দৰ গান নবজাৰ বাবেই মণ্ডপত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কইনাৰ

ইপিনে পলিচিৰ ধন হৰলুকী কৰা এজেণ্ট সৌৰভ দাসৰ সৈতে বৈশ্যই যোগাযোগ কৰাত তেওঁৰ ভুল হোৱা বুলি স্বীকাৰ কৰি অতি সোনকালে প্ৰাপ্য ধন আদায়ৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷ বিগত প্ৰায় ছমাহে এজেণ্টজনে এনেদৰে আঁভুৱা ভাৰি অহাৰ অভিযোগ কৰিছে ৰাজেশ বৈশ্যৰ লগতে পৰিয়ালে । আনহাতে, এজেণ্টজনৰ ফোনটো বিগত কিছুদিনৰ পৰা বন্ধ থকাত বিমোৰত পৰিছে দুৰ্ভগীয়া লোকজন । সাধাৰণ এখন গেলামাল দোকানৰ জৰিয়তে চাৰিজনীয়া পৰিয়ালটো কোনোমতে পোহপাল দি অহা ৰাজেশ বৈশ্যই এজেণ্টজনৰ এনে দুষ্কাৰ্যৰ পিছতো কিয় এল আই চি কৰ্তৃপক্ষই লোকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

নিজৰ প্ৰাপ্য জমা ধন বিচাৰি বাৰে বাৰে বিমুখ হৈ একো উৱাদিহ নোপোৱাত অৱশেষত প্ৰাপ্য বিচাৰি সংবাদ মাধ্যমৰ ওচৰত শৰণাপন্ন হৈছে বৈশ্যই ৷ বৈশ্যই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, এল আই চিৰ এজেণ্ট সৌৰভ দাসে অকল তেওঁৰে নহয়, বোন্দা অঞ্চলৰ কেইবাজনো লোকৰ পলিচিৰ ধন জমা দিয়াৰ ক্ষেত্ৰত চূড়ান্ত জালিয়াতিৰ আশ্ৰয় লোৱা সম্প্ৰতি পোহৰলৈ আহিছে । সেয়ে দুৰ্ভগীয়া লোকজনে আৰক্ষী-প্ৰশাসন আৰু এল আই চি কৰ্তৃপক্ষৰ ওচৰত ন্যায় বিচাৰি আবেদন কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক : লাইলাপুৰ কাণ্ড: চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে মানৱ অধিকাৰ আয়োগে

Last Updated : Aug 24, 2021, 3:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.