ETV Bharat / city

ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ বিৰ্তক ! লেখকৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব জমিয়ত উলেমা

author img

By

Published : Nov 4, 2019, 10:22 PM IST

প্ৰসংগ 'ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ' বিৰ্তক: লেখকৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হব জমিয়ত উলেমা

দিছপুৰ প্ৰেছ ক্লাবত অসমৰ ৰাজ্যিক জমিয়ত উলেমাৰ সংবাদমেল ৷ উত্তৰ-পূব গ্ৰন্থমেলাত সদ্য প্ৰকাশিত বিতৰ্কিত গ্ৰন্থ 'ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ'ৰ লিখক সত্যৰঞ্জন বৰা বিৰুদ্ধে ন্যায়ালয়লৈ যাব উলেমা ৷ গ্ৰন্থখনক বিষাক্ত আখ্যা দিলে ৰাজ্যিক জমিয়তৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীৰ ৷

গুৱাহাটী, 4 নৱেম্বৰ: সদ্যপ্ৰকাশিত বিজেপি কৰ্মী সত্যৰঞ্জন বৰাৰ বিতৰ্কিত গ্ৰন্থ 'ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ'ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম ৰাজ্যিক জমিয়ত উলেমা ৷ সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সাংবাদমেল সম্বোধন কৰি গ্ৰন্থখনৰ লেখক সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা সদৰি কৰে ৰাজ্যিক জমিয়ত উলেমাৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে ৷ গ্ৰন্থখনক অতন্ত্য বিষাক্ত তথা অসত্যৰে পৰিপূৰ্ণ এখন মিছা কথাৰ দলিল আখ্যা দি কাছিমীয়ে কয় যে, " অসমৰ মুছলমানে এনে এখন গ্ৰন্থ কেতিয়াও বিচৰা নাছিল ৷ ইছলামক অপমান কৰা এই গ্ৰন্থৰ লেখক সত্যৰঞ্জন বৰাক তেওঁৰ অভিযোগ সমূহ সত্য প্ৰমাণ কৰিবলৈ আমি চেলেঞ্জ কৰিছো ৷ অন্যথা অতি শীঘ্ৰে তেওঁৰ বিৰুদ্ধে ৰাজ্যিক জমিয়ত উলেমা ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ৷"

সংবাদমেলত কাছিমীয়ে সত্যৰঞ্জন বৰাক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈও আহ্বান জনোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক অভিযোগ দাখিল কৰি বিহীত ব্যৱস্থা ল'বলৈ আহ্বান জনাব বুলি মন্তব্য কৰে ৷

ইফালে, গ্ৰন্থমেলাৰ হিন্দুত্বকৰণ হোৱাৰো চাঞ্চল্যকৰ অভিযোগ কৰে ৰাজ্যিক জমিয়ত উলেমাৰ সম্পাদকজনে বিতৰ্কিত গ্ৰন্থখন বাবৰী মছজিদৰ ৰায় অহাৰ প্ৰাকমূহুৰ্তত মুছলমান লোকসকলক উত্তেজিত কৰাৰ বিজেপিৰ এজেণ্ডা নেকি বুলিও প্ৰশ্ন কৰে ৷ গ্ৰন্থমেলাত একাংশই ইছলাম বিৰোধী গ্ৰন্থ তথা বিকৃত কোৰান বিক্ৰী কৰাৰো অভিযোগ কৰে মৌলানা ফজলুল কৰিম কাছিমীয়ে ৷ তেওঁৰ মতে,"য'ত প্ৰতিটো কাৰ্যসূচী হিন্দু ধৰ্মীয় ৰীতি-নীতিৰেই আৰম্ভ কৰা হয় তাত যদি মুছলমান ৰীতি-নীতি কৰা হয় তেন্তে ধৰ্মনিৰপেক্ষগিৰি দেখুওৱা হ'ব।"

দিছপুৰ প্ৰেছ ক্লাবত অসমৰ ৰাজ্যিক জমিয়ত উলেমাৰ সংবাদমেল

আৰু পঢ়ক : ডিমা হাছাওত পৰম্পৰাগত সাজ পৰিধান কৰি কাৰ্যালয়ত উপস্থিত কৰ্মচাৰী

Intro:বিজেপিৰ কৰ্মী সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হব অসম ৰাজ্যিক জমিয়ত উলামাই


Body:সোমাবাৰে দিছপুৰ প্ৰেছ ক্লাৱত অসম ৰাজ্যিক জামিয়ত উলামাই এখনি সংবাদমেলৰ আয়োজন কৰি কয় যে বিজেপিৰ কৰ্মী সত্যৰঞ্জন বৰাৰ প্ৰকাশিত 'ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ' গ্ৰন্থখনিয়ে সৃষ্টি কৰিছে বিতৰ্কৰ। এই গ্ৰন্থখনিত ইছলাম আৰু কোৰাণৰ ওপৰত কিছুমান অত্যন্ত বিষাক্ত তথা অসত্য আৰু অধ্যয়হীন মিছা কথাৰ অৱতাৰণা কৰা হৈছে।

উক্ত কাৰ্যক মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়ত উলামাই তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে বাবৰী মছজিদৰ ৰায় অহাৰ প্ৰাকমুহূৰ্তত এনে ধৰণৰ কিতাপ প্ৰকাশ কৰি মুছলমান লোকসকলক উত্তেজিত কৰি লোৱাৰ বিজেপিৰ এজেণ্ডাৰ অন্তৰ্ভুক্ত নেকি? অসমৰ মুছলমানে এনে এখন গ্ৰন্থ কেতিয়াও বিচৰা নাছিল। অসম ৰাজ্যিক জমিয়ত উলামাই এই কাৰ্যৰ বাবে আইনৰ দ্বাৰস্থ হব।

ৰাজ্যিক জমিয়তৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে কয় যে তেখেতৰ অভিযোগ সমূহ আদালতত সত্য প্ৰমাণ কৰিবলৈ আমি চেলেঞ্জ কৰিলোঁ। অন্যথা তেখেতক শান্তিৰ বাবে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ দাৱাত কৰিলোঁ। লগতে বিতৰ্কিত গ্ৰন্থ প্ৰকাশ কৰা সন্দৰ্ভত অসম ৰাজ্যিক জমিয়ত উলামাই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ লগতে বিজেপিৰ কৰ্মী সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক অভিযোগ দাখিল কৰি বিহীত ব্যৱস্থা লবলৈ আহ্বান জনাব।


Conclusion:ইছলাম ধৰ্মক বদনাম কৰিবলৈ বিকৃত কোৰান বিক্ৰী কৰি আছে - মৌলানা ফজলুল কৰিম কাছিমি

সোমাবাৰে দিছপুৰ প্ৰেছ ক্লাবত মৌলানা ফজলুল কৰিম কাছিমিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি কয় যে অসমত আয়োজন কৰা দুয়োখন গ্রন্থমেলাই হিন্দুত্ববাদে চুইছে। গ্ৰন্থমেলাৰ নামত হিন্দুত্ববাদৰ বেহা পাতিব পৰা যায়। উন্মোচনৰ পৰা আৰম্ভ কৰি প্ৰতিটো কাৰ্যসূচী তাত হিন্দু ধৰ্মীয় ৰীতি-নীতিৰেই আৰম্ভ কৰা হয়। মুছলমানএ বিপক্ষে যিকোনো কাৰ্যসূচী তাত সম্পাদন কৰিব পাৰি কিন্তু ইছলামিক কাৰ্য্যসূচী কৰিবলৈ গলে ধৰ্মনিৰপেক্ষগিৰী দেখুওৱা হ'ব। গ্ৰন্থমেলাত বিকৃতকৈ প্ৰকাশ কৰা কোৰাণ বিক্ৰী কৰি থকা হৈছে। গ্ৰন্থমেলা এতিয়া হিন্দুৰ কবলত। গ্ৰন্থমেলাৰ আয়োজকসকলক ইছলাম বিৰোধী গ্ৰন্থসমূহৰ বিক্ৰী বন্ধ কৰিবলৈ আহ্বান জনায় মৌলানা ফজলুল কৰিম কাছামিয়ে।


Asrar Ansari
গুৱাহাটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.