ETV Bharat / city

এইবাৰ গণেশে দূৰ কৰিব বন্যহস্তীৰ উপদ্ৰৱ

author img

By

Published : Oct 10, 2021, 1:58 PM IST

Installation of the Ganesha Idol at Narengi
এইবাৰ গণেশে দূৰ কৰিব বন্যহস্তীৰ উপদ্ৰৱ

বন বিভাগ নহয় এইবাৰ গণেশৰ শৰণাপন্ন হৈছে মহানগৰীৰ নাৰেংগীৰ ২নং বীৰকুছিৰ কলিতাকুছিৰ গণেশ নগৰবাসী ৷ বন বিভাগৰ চৰম ব্যৰ্থতাৰ পাছত যেন এতিয়া গণেশ নগৰবাসীৰ বাবে একমাত্ৰ সাৰথি হৈছে ভগবান গণেশ ৷ যাৰবাবে প্ৰায় তিনি লাখ টকা ব্যয় সাপেক্ষে মাৰ্বল পাথৰৰ এটা সু-উচ্চতাৰ গণেশৰ মূৰ্তি স্থাপনেৰে মন্দিৰ নিৰ্মাণ কৰি ভগবানৰ আশীষ বিচাৰিছে গণেশ নগৰবাসীয়ে ৷

গুৱাহাটী, ১০ অক্টোবৰ : মহানগৰীৰ নাৰেংগীৰ ২নং বীৰকুছিৰ কলিতাকুছিৰ গণেশ নগৰবাসীয়ে হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ । গণেশ নগৰবাসীয়ে হাতীৰ বিচৰণ অথবা হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বাবে নিৰ্মাণ কৰিছে এটা গণেশ মন্দিৰ ৷ মন্দিৰত প্ৰতিষ্ঠা কৰিছে এটি মাৰ্বলৰ গণেশ মূৰ্তি ।

শনিবাৰে সম্পূৰ্ণ মাংগলিক কাৰ্যসূচী ৰূপায়ন কৰি ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে গণেশ মন্দিৰটোত স্থাপন কৰা মাৰ্বলৰ মূৰ্তিটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰে অঞ্চলবাসীয়ে ।গণেশ মূৰ্তিটোত প্ৰাণ প্ৰতিষ্ঠা কৰি ৰাইজৰ আশা, ভৱিষ্যতে আৰু এই অঞ্চলটোত হাতীয়ে কোনো ধৰণৰ অনিষ্ট নকৰে । এতিয়াৰ পৰা ৰাইজে স্বাভাৱিক জীৱন নিৰ্বাহ কৰিব পাৰিব ।

এইবাৰ গণেশে দূৰ কৰিব বন্যহস্তীৰ উপদ্ৰৱ

উল্লেখ্য যে, গুৱাহাটীৰ আশে-পাশে থকা পাহাৰ আৰু সংৰক্ষিত বনাঞ্চলত অবাধ বনধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যহস্তী । যাৰ ফলত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে । বিশেষকৈ গুৱাহাটী মহানগৰীৰ ২নং বীৰকুছি(কলিতাকুছি)গণেশপাৰা অঞ্চলত সঘনাই বনৰীয়া হাতীৰ মুক্ত বিচৰণত অতিষ্ঠ হৈ পৰিছে ইয়াৰ বাসিন্দাসকল ।

লগতে পঢ়ক : যোৰহাটত দুৰ্গা প্ৰতিমাৰ অন্তিম পৰশত ব্যস্ত মৃৎ শিল্পী

আমচাং অভয়াৰণ্যৰ পৰা নামি অহা বন্যহস্তীয়ে সাতগাঁও সেনা চাউনি হৈ ২নং তালতলা, গণেশ নগৰ অঞ্চলত প্ৰৱেশ কৰি মানুহক আক্ৰমণ কৰাৰ লগতে মানুহৰ বাসগৃহত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভাঙি, খাদ্য সামগ্ৰী খেতি পথাৰ নষ্ট কৰি আহিছে । গাঁওবাসীয়ে হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও সফল হোৱা নাই ।

অৱশেষত বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত গণেশ নগৰবাসীয়ে বিজ্ঞজনৰ পৰামৰ্শ মতে গণেশ নগৰত স্থাপন কৰে এটা গণেশ মন্দিৰ । প্ৰতিষ্ঠা কৰা হয় প্ৰায় তিনি লাখ টকা ব্যয় সাপেক্ষে মাৰ্বল পাথৰৰ এটা গণেশৰ মূৰ্তি । এই উপলক্ষে শনিবাৰে দিনৰ ভাগত এক মাংগলিক অনুষ্ঠানৰ মাজেৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে গণেশৰ মূৰ্তিটো প্ৰতিষ্ঠা কৰা হয় ।

গণেশ মূৰ্তিটো প্ৰদান কৰে বীৰকুছি অঞ্চলৰ সমাজকৰ্মী গদমা প্ৰদান শৰ্মাই । গণেশৰ মূৰ্তি প্ৰতিষ্ঠা হোৱাৰ পিছত গাঁওবাসীৰ বিশ্বাস গণেশ বাবাৰ আশীৰ্বাদত হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰিব গণেশ নগৰবাসী ৰাইজ ।

লগতে পঢ়ক : পূজা উপভোগ কৰিবলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ শিলচৰৰ বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.