ETV Bharat / city

Illegal trading of boring water: পাথৰকুৱঁৰীত বৰিঙৰ পানীৰ অবৈধ ব্যৱসায়

author img

By

Published : Mar 4, 2022, 11:03 PM IST

শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ কালেক্টৰ দ্বীপ শিখা শইকীয়া, ড৹ কুমাৰ পার্থপ্ৰতিমৰ নেতৃত্বত এটা দলে বৰিঙৰ পানীৰ অবৈধ বেহাৰ বিৰুদ্ধ অভিযান চলায় (Illegal trading of boring water at Patharkuwari) ৷ জি এম চি এ চলোৱা অতৰ্কিত অভিযানৰ সময়ত অবৈধ বৰিঙৰ পানীৰ ব্যৱসায় চলোৱা হজৰুল হক নামৰ লোকজনে অভিযান কাৰী দলটোৰ সৈতে তৰ্কত লিপ্ত হোৱাও পৰিলক্ষিত হয় ৷

gmc-rad
পাথৰকুৱঁৰীত বৰিঙৰ পানীৰ অবৈধ ব্যৱসায়

গুৱাহাটী, 4 মাৰ্চ : গুৱাহাটী মহানগৰীত সম্প্ৰতি খোৱাপানী সমস্যাই ভয়ানক ৰূপ ধাৰণ কৰিছে । খোৱা পানীৰ তীব্ৰ নাটনিৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হৈছে গুৱাহাটী মহানগৰীৰ বহু বাসিন্দাই । এনে সময়তে এচাম দুষ্ট লোকে গুৱাহাটী পৌৰ নিগম আৰু আৰক্ষী ক মেনেজ কৰি বৰিঙৰ পানীৰ অবৈধ বেহাৰে লাখ লাখ টকা উপাৰ্জন কৰি আহিছে ।

গুৱাহাটী পৌৰ নিগম(জি এম চি) ক এনে দুষ্ট লোকে মাহেলি ভিত্তিত ধন দি বৰিঙৰ পানীৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ সঘনাই অভিযোগ উত্থাপিত হোৱাৰ সময়তে শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ পাথৰকুঁৱৰী অঞ্চলত থকা এটা অবৈধ পানীৰ বৰিঙত অভিযান চলাই জৰিমনা বিহে (Illegal trading of boring water at Patharkuwari) । জানিব পৰা মতে, জি এম চি ৰ অনুজ্ঞাপত্ৰ অবিহনে দীৰ্ঘদিন ধৰি কৰ ফাঁকি দি হজৰুল হক নামৰ লোকজনে অবৈধ ভাৱে বৰিং কৰি বৰিঙৰ পানীৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ।

পাথৰকুৱঁৰীত বৰিঙৰ পানীৰ অবৈধ ব্যৱসায়

গুৱাহাটী পৌৰ নিগমৰ কালেক্টৰ দ্বীপ শিখা শইকীয়া, ড৹ কুমাৰ পার্থপ্ৰতিমৰ নেতৃত্বত এটা দলে শুকুৰবাৰে দিনৰ ভাগত অভিযান চলাই লোকজনে অবৈধভাবে পানীৰ ব্যৱসায় চলাই থকা বৰঙটো ধৰা পেলায় । জি এম চি ক ফাঁকি দি বৰিংৰ পানীৰ ব্যৱসায় চলোৱা লোকজনক 10 হেজাৰ টকাৰ জৰিমনা বিহাৰ লগতে এসপ্তাহৰ ভিতৰত প্ৰয়োজনীয় নথি-পত্ৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ।

ইফালে, জি এম চি এ চলোৱা অতৰ্কিত অভিযানৰ সময়ত অবৈধ বৰিঙৰ পানীৰ ব্যৱসায় চলোৱা হজৰুল হক নামৰ লোকজনে অভিযান কাৰী দলটোৰ সৈতে তৰ্কত লিপ্ত হয় ৷

লগতে পঢ়ক : কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেণ ৱাৰ্ণ আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.