ETV Bharat / city

পূৰ্বতকৈ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

author img

By

Published : Nov 19, 2020, 11:43 AM IST

ক্ৰমাৎ উন্নতি হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা ৷

পূৰ্বতকৈ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
পূৰ্বতকৈ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

গুৱাহাটী, 19 নবেম্বৰ : ক্ৰমাৎ সুস্থ হৈ উঠিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা তৰুণ গগৈ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ স্বাস্থ্য সন্দৰ্ভত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ অভিজিত শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে ৷ শৰ্মাই জনোৱা অনুসৰি, বৰ্তমান সুস্থ হৈছে তৰুণ গগৈ ৷ স্বাস্থ্য জটিল নহয় যদিও হাতৰ ইংগিতেৰে কথা বতৰা পাতিছে চিকিৎসকৰ সৈতে ৷ আইন'টপিক চাপৰ্টৰে চিকিৎসা প্ৰদান কৰি থকা হৈছে তৰুণ গগৈক ৷ 94ৰ পৰা 95ত অক্সিজেন 20লিটাৰ মাস্কৰে দি থকা হৈছে ৷ নিশা অল্টাৰনেটিভ NIBৰ পৰা মাস্কলৈ কনভাৰ্ট কৰা হৈছে বৰ্ষীয়ান নেতাগৰাকীক ৷ তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত নিশাই জিএমচিএইচৰ চিকিৎসকে এইমচৰ চিকিৎসকৰ সৈতে অনলাইন যোগে আলোচনাতো মিলিত হয় বুলি জনাইছে শৰ্মাই ৷

পূৰ্বতকৈ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

লগতে পঢ়ক : তৰুণ গগৈৰ আশু-আৰোগ্য কামনাৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.