ETV Bharat / city

Most Polluted city in the Northeast : উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰদূষিত চহৰ গুৱাহাটী

author img

By

Published : Dec 19, 2021, 8:57 AM IST

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰদূষিত চহৰ (Most Polluted city in the Northeast) লৈ পৰিণত হৈছে গুৱাহাটী (Guwahati is the most polluted city) ৷ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত আছে আগৰতলা (Agartala is the second most polluted city) ৷ CSE ৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ৷

guwahati-became-most-polluted-city-in-the-northeast
উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰদূষিত চহৰ গুৱাহাটী : CSE

গুৱাহাটী, 19 ডিচেম্বৰ : গুৱাহাটীবাসীৰ বাবে এক ভয়ংকৰ খবৰ ৷ শুকুৰবাৰে Centre for Science and Environment (CSE) য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ (Most Polluted city in the Northeast) হিচাপে পৰিগণিত হৈছে গুৱাহাটী (Guwahati is the most polluted city) ৷

guwahati-became-most-polluted-city-in-the-northeast
উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰদূষিত চহৰ গুৱাহাটী : CSE

CSE য়ে প্ৰকাশ কৰা তথ্যত সৰ্বাধিক প্ৰদূষিত চহৰৰ দ্বিতীয় স্থানত আছে আগৰতলা (Agartala is the second most polluted city) ৷ এই তথ্য অনুসৰি, গুৱাহাটী আৰু আগৰতলা চহৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন আন চহৰতো শীতৰ সময়চোৱাত PM2.5 পৰিমাণ বৃদ্ধি পাইছে ৷ এই বায়ু প্ৰদূষণে মানুহৰ জীৱনক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে । বায়ুত দ্ৰৱীভূত হোৱা ক্ষতিকাৰক পদাৰ্থৰ বাবে ইয়াৰ লোকসকলে বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈ আহিছে ৷

উল্লেখ্য যে, সম্প্ৰতি বায়ুমণ্ডলত অত্যাধিক পাৰ্টিকুলেট প্ৰদূষণ হোৱাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে জনতা ৷ এক বিশেষ অধ্যয়নে প্ৰকাশ কৰা মতে, দেশত মৃত্যু হোৱাৰ সংখ্যাৰ প্ৰতি আঠজনৰ মৃত্যুৰ কাৰণ হ'ল বায়ু প্ৰদূষণ ৷ শেহতীয়াকৈ CSE যে প্ৰকাশ কৰা তথ্য অনুসৰি, গুৱাহাটীত বায়ু প্ৰদূষণৰ পৰিমাণ বছৰি গড়ে PM2.5 হাৰত বৃদ্ধি পাইছে ৷

guwahati-became-most-polluted-city-in-the-northeast
উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰদূষিত চহৰ গুৱাহাটী : CSE

ইয়াৰোপৰি 2019 বৰ্ষৰ তুলনাতকৈ 2021 চনত গুৱাহাটীৰ বায়ু প্ৰদূষণৰ হাৰ বছৰি PM2.5 হাৰত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বুলি CSE ৰ তথ্যত প্ৰকাশ পাইছে ৷ আনহাতে, চলিত বৰ্ষৰ 17 জানুৱাৰীত সাপ্তাহিকভাৱে গুৱাহাটীত PM2.5 ৰ পৰিমাণ 189µg/m3 আছিল ৷ এই হাৰ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত অতি উদ্বেগজনক ৷

CSE য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দ্বিতীয় সৰ্বাধিক বায়ু প্ৰদূষিত চহৰ হিচাপে পৰিগণিত আগৰতলাত চলিত বৰ্ষৰ 10 জানুৱাৰীত সাপ্তাহিকভাৱে PM2.5 ৰ পৰিমাণ 112 µg/m3 আছিল ৷

আনফালে, গুৱাহাটী, শ্বিলং, ক’হিমাত বায়ুমণ্ডলত NO2 ৰ পৰিমাণ জোখাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা নাই ৷ যাৰ ফলত CSE য়ে এইকেইখন চহৰৰ NO2 ৰ পৰিমাণ সঠিকভাৱে জোখাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ৷ কিন্তু তাৰ মাজতে CSE য়ে গুৱাহাটী, শ্বিলং, ক’হিমাৰ বায়ুমণ্ডলৰ NO2 ৰ পৰিমাণ জুখি অতি উদ্বেগজনক তথ্য লাভ কৰিছে ৷

guwahati-became-most-polluted-city-in-the-northeast
উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰদূষিত চহৰ গুৱাহাটী : CSE

CSE য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, গুৱাহাটীৰ বায়ুমণ্ডলত NO2 ৰ পৰিমাণ 2020 চনৰ ছেপ্তেম্বৰ মাহৰ পৰা নৱেম্বৰৰ ভিতৰত 85 শতাংশ বৃদ্ধি পাইছিল ৷ ইয়াৰোপৰি সৰ্বাধিক বায়ু প্ৰদূষিত চহৰ হিচাপে পৰিগণিত চহৰ হিচাপে পৰিচিত গুৱাহাটী আৰু আগৰতলা চহৰত দৈনিক দিনৰ 1 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত NO2 ৰ পৰিমাণ বৃদ্ধি পায় ৷

আকৌ সন্ধিয়া 7 বজাৰ পৰা 8 বজাৰ ভিতৰত NO2 ৰ পৰিমাণ যথেষ্ট হ্ৰাস পায় ৷ গুৱাহাটীৰ ৰাজপথত নিশাৰ ভাগত ট্ৰাকৰ চলাচল বাঢ়ি যোৱাৰ ফলত NO2 ৰ পৰিমাণে যথেষ্ট বৃদ্ধি পায় ৷

লগতে পঢ়ক : গো সুৰক্ষা বিধেয়কৰ সংশোধনী আনিব চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.