ETV Bharat / city

গো সুৰক্ষা বিধেয়কৰ সংশোধনী আনিব চৰকাৰে

author img

By

Published : Dec 18, 2021, 10:01 PM IST

Government to bring amendment to cow protection Laws
গো-সুৰক্ষা বিধেয়কৰ সংশোধনী আনিব চৰকাৰে

অসম বিধানসভাৰ বিগত অধিবেশনত ধ্বনি ভোটৰ মাজেৰে সদনত গৃহীত কৰা হৈছিল বহু চৰ্চিত গো-সুৰক্ষা বিধেয়কখন(Assam Cattle Preservation Act 2021) ৷ বিৰোধী পক্ষই বিধেয়কখন সন্দৰ্ভত সৰ্বমুঠ ৭৬ টা সংশোধনী সদনত দাখিল কৰিছিল আৰু এই বিধেয়কখন গৃহীত কৰাৰ পৰিৱৰ্তে বিধানসভাৰ বাচনি সমিতি (Select Committee) লৈ প্ৰেৰণ কৰাৰ দাবী তুলিছিল । কিন্তু বিৰোধীৰ এই দাবী সদনত একপ্ৰকাৰে নস্যাৎ কৰি ধ্বনি ভোটৰ মাজেৰে বিধানসভাত বিধেয়কখন গৃহীত কৰা হৈছিল ৷

গুৱাহাটী, ১৮ ডিচেম্বৰ : সোমবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিবেশন(Assam Legislative Assembly Session, 2021)ত চৰকাৰে গো-সুৰক্ষা সংশোধনী বিধেয়ক(Assam Cattle Preservation Act, 2021)খন উত্থাপন কৰাৰ সম্ভাৱনা আছে । বিধানসভাৰ যোৱাটো অধিবেশনত বিৰোধীৰ তুমুল প্ৰতিবাদৰ পিছতো সদনত গৃহিত হৈছিল বহু চৰ্চিত গো-সুৰক্ষা বিধেয়ক । কিন্তু এতিয়া সেই বিধেয়কত কেতবোৰ সংশোধনী আনিব খুজিছে চৰকাৰে ।

গো-সুৰক্ষা বিধেয়কৰ সংশোধনী আনিব চৰকাৰে

বিৰোধী দলপতি দেবব্ৰত শইকীয়া(Opposition leader Debabrata Saikia)ই শনিবাৰে এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, যোৱা বিধানসভা অধিবেশনত শাসক পক্ষই গাৰ জোৰেৰে বিধেয়কখন সদনত গৃহিত কৰিছিল । সেই সময়ত কংগ্ৰেছ দলৰ ফালৰ পৰা সদনত বাৰম্বাৰ চৰকাৰক আহ্বান জনোৱা হৈছিল যে বিধেয়কখনত কেতবোৰ সংশোধনী অনাটো দৰকাৰ । আনকি বিধেয়কখন গৃহিত কৰাৰ পূৰ্বে বাচনি কমিটি (Select Committee) লৈ পঠিয়াবলৈও কংগ্ৰেছে সদনত আহ্বান জনাইছিল ।

কিন্তু সেই সময়ত চৰকাৰে কংগ্ৰেছৰ কথা নুশুনিলে আৰু বিধেয়কখন বিধানসভাত গৃহিত কৰা হ'ল ৷ তেতিয়াই বিধেয়কখনৰ সকলো দিশ চালিজাৰি চাই ঠিকঠাক কৰি লোৱা হ'লে এতিয়া পুনৰ সংশোধনী আনি বিধানসভাৰ মূল্যবান সময় নষ্ট কৰিবলগীয়া নহ'লহেতেন বুলিও মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে ।

লগতে পঢ়ক : তীব্ৰ বাদানুবাদৰ অন্তত বিধানসভাত গৃহীত গো-সুৰক্ষা বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.