ETV Bharat / city

Hepatitis-B vaccination camp: নুনমাটিত হেপাটাইটিছ বি-চিৰ প্ৰতিষেধক শিবিৰ

author img

By

Published : Jul 28, 2022, 10:13 PM IST

২৮ জুলাই দিনটো সমগ্ৰ বিশ্বতে বিশ্ব হেপাটাইটিছ দিৱস হিচাপে পালন কৰা হয়(World Hepatitis Day 2022) । বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰসকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে হেপাটাইটিছ প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰে । অসমৰ বিভিন্ন প্ৰান্ততো আজি পালন কৰা হয় বিশ্ব হেপাটাইটিছ দিৱস ৷

free hepatitis b and c vaccination camp at noonmati
নুনমাটিত হেপাটাইটিছ বি আৰু চিৰ চিকিৎসা শিবিৰ

গুৱাহাটী, ২৮ জুলাই: সমগ্ৰ দেশতে বৃহস্পতিবাৰে উৎযাপন কৰা হৈছে বিশ্ব হেপাটাইটিছ দিৱস । বিশ্ব হেপাটাইটিছ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নুনমাটিত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়(Heptatitis B and C vaccination camp at Noonmati) । বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান NMO আৰু TATA TRUST ৰ উদ্যোগত নুনমাটি লুইত নগৰ উন্নয়ন সমিতি আৰু নুনমাটি য়ুথৰ সহযোগত লুইত নগৰ বিহু মঞ্চত আয়োজন কৰা হয় এই শিবিৰ ৷

নুনমাটিত হেপাটাইটিছ বি আৰু চিৰ চিকিৎসা শিবিৰ

দিনৰ ১০ বজাৰ পৰা ৩ বজালৈ অনুষ্ঠিত হোৱা এই বিনামূলীয়া চিকিৎসা শিবিৰত প্ৰায় ডেৰ শতাধিক লোকক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰা হয় । চিকিৎসা শিবিৰত হেপাটাইটিছ বি আৰু চি লগতে লিভাৰৰ ৰেপিড পৰীক্ষা কৰা হয় । লগতে লিভাৰ কেনেদৰে সুস্থ সৱল কৰি ৰাখিব পাৰি ইয়াৰ ওপৰত ৰাইজৰ মাজত সজাগতা মূলক আলোচনা আগবঢ়োৱা হয় ।

বিনামূলীয়া চিকিৎসা শিবিৰ উপলক্ষে আয়োজিত অনুষ্ঠানত মহানগৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত পল্লব তামুলী, নুনমাটি আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্ত নিলোৎপল ডেকা, নুনমাটি আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰশান্ত বৰা, পাৰিষদ মনোজ নাথ, টাটা ট্ৰাষ্টৰ প্ৰগ্ৰেম মেনেজাৰ জস্মিতা দাস, স্বেচ্ছাসেৱী অনুষ্ঠান NMO ৰ কাৰ্যকৰ্তা সুকন্যা হাতীমূৰীয়া, দেবাশীষ বৰাকে ধৰি বহু ব্যক্ত উপস্থিত থাকে ।

লগতে পঢ়ক : Monkeypox in India : মাঙ্কিপক্স হ'লে 21 দিনৰ আইচ'লেশ্যচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.