ETV Bharat / city

বিদ্যালয়ৰ সকলো অনুষ্ঠানতে "অ' মোৰ আপোনাৰ দেশ..." বাধ্যতামূলক

author img

By

Published : Sep 16, 2022, 3:42 PM IST

বিদ্যালয়ৰ সকলো অনুষ্ঠানতে "অ' মোৰ আপোনাৰ দেশ..." বাধ্যতামূলক
বিদ্যালয়ৰ সকলো অনুষ্ঠানতে "অ' মোৰ আপোনাৰ দেশ..." বাধ্যতামূলক

সকলো বিদ্যালয়ত পুৱাৰ প্ৰাৰ্থনা সভাত "অ' মোৰ আপোনাৰ দেশ..." পৰিবেশন কৰাটো যিদৰে বাধ্যতামূলক, ঠিক একেদৰে এতিয়াৰে পৰা সকলো বিদ্যালয়ৰ যি কোনো অনুষ্ঠানৰ আৰম্ভনী আৰু সামৰণিত পৰিবেশন কৰিব লাগিব জাতীয় সংগীত (Assam Anthem) ৷

নিউজ ডেস্ক, 16 ছেপ্টেম্বৰ: এতিয়াৰে পৰা সকলো চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত যিকোনো কাৰ্যসূচী, অনুষ্ঠান আদিৰ আৰম্ভনী আৰু সামৰণিত বাধ্যতামূলকভাবে পৰিবেশন কৰিব লাগিব জাতীয় সংগীত "অ' মোৰ আপোনাৰ দেশ... (O Mor Aponar Desh)৷"

বিদ্যালয়ৰ সকলো অনুষ্ঠানতে
বিদ্যালয়ৰ সকলো অনুষ্ঠানতে "অ' মোৰ আপোনাৰ দেশ..." বাধ্যতামূলক

ইতিমধ্যে চৰকাৰীভাবে জাৰি কৰা হৈছে এই সম্পৰ্কীয় নিৰ্দেশনা ৷ অসম সৰ্বশিক্ষা অভিযানৰ (Axom Sarba Siksha Abhiyan Mission) অন্তৰ্গত সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ ড৹ ওম প্ৰকাশে 14 ছেপ্টেম্বৰত জাৰি কৰিছে এই সম্পৰ্কীয় এক নিৰ্দেশনা ৷

ইতিমধ্যে ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু সৰ্বশিক্ষা অভিযানৰ মিছন কো-অৰ্ডিনেটৰ সকললৈ এই নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ৷

সাহিত্যৰথীৰ হাতৰ আখৰৰে
সাহিত্যৰথীৰ হাতৰ আখৰৰে "অ' মোৰ আপোনাৰ দেশ..."

নিৰ্দেশটোত এই বুলিও কোৱা হৈছে যে সকলো বিদ্যালয়ত পুৱাৰ প্ৰাৰ্থনা সভাত "অ' মোৰ আপোনাৰ দেশ..." পৰিবেশন কৰাটো যিদৰে বাধ্যতামূলক, ঠিক একেদৰে এতিয়াৰে পৰা সকলো বিদ্যালয়ৰ যি কোনো অনুষ্ঠানৰ আৰম্ভনী আৰু সামৰণিত পৰিবেশন কৰিব লাগিব জাতীয় সংগীত (Assam Anthem) ৷

লগতে পঢ়ক: গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ভিক্টৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.