ETV Bharat / city

heroin seized in Guwahati: গড়চুক আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজন

author img

By

Published : Jul 15, 2022, 2:10 PM IST

Drug peddler nabbed
গড়চুক আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

মহানগৰীত পুনৰ জব্দ নিষিদ্ধ ড্ৰাগছ ৷ এইবাৰ গড়চুক আৰক্ষীয়ে জব্দ কৰে ১২৭ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ৷ আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰাৰ লগতে আটক কৰে এটা সৰবৰাহকাৰীক(Drug peddler nabbed) ৷ এটা ভাড়াঘৰৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ধৃত সৰবৰাহকাৰীটোৱে ৷

গুৱাহাটী, ১৫ জুলাই: ড্ৰাগছ বিৰুদ্ধে গুৱাহাটীত ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ৷ মহানগৰীৰ গড়চুক আৰক্ষীয়ে বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে(Drug peddler arrested with heroin in Guwahati) । ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰপেটা পালহাজিৰ তমেজ কাজী বুলি জানিব পৰা হৈছে ।

আৰক্ষী বিষয়া

মহানগৰীৰ কটাবাৰীৰ দুই নম্বৰ মছজিদ গলিৰ এটা ভাড়াঘৰৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল তমেজ কাজীয়ে । গড়চুক আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই কটাবাৰীৰ পৰা সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে ৭০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে(Heroin seized in Guwahati) ।

ধৃত সৰবৰাহকাৰীটোক সোধপোচৰ অন্তত গড়চুক আৰক্ষীয়ে পুনৰ কটাবাৰীৰ দুই নম্বৰ মছজিদ গলিৰ ভাড়াঘৰত অভিযান চলায় ৫৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে । সম্প্ৰতি গড়চুক আৰক্ষীয়ে তমেজ কাজীৰ জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ভাতৃৰ গাড়ীত ওলাল আধা কিলো হেৰ’ইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.