প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ভাতৃৰ গাড়ীত ওলাল আধা কিলো হেৰ’ইন

By

Published : Jul 14, 2022, 10:28 PM IST

Updated : Jul 14, 2022, 10:40 PM IST

thumbnail

প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদৰ(Congress MLA Siddique Ahmed) সম্পৰ্কীয় ভাতৃ আফতাৰ হুছেইনক বৃহস্পতিবাৰে আৰক্ষীয়ে কেইবা কোটি টকা মূল্যৰ হেৰ’ইনসহ আটক কৰে । কৰিমগঞ্জ আৰক্ষীয়ে ML 04 B 5065 নম্বৰৰ বলেৰো বাহনৰ পৰা প্ৰায় 500 গ্ৰাম সন্দেহজনক হেৰ’ইনসহ আটক কৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়কগৰাকীৰ ভাতৃক । আফতাৰ হুছেইন ছিদ্দিক আহমেদৰ খুৰাক তথা ধলছৰা পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্দুৰ শুকুৰৰ পুত্ৰ । আৰক্ষীয়ে বলেৰো বাহনখনৰ তেলৰ টেংকি আৰু আন অংশৰ পৰা আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে হেৰ’ইনখিনি(Heroin seized in Karimganj ) । কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ নেতৃত্বত বাৰইগ্ৰাম পেচাৰপাৰ পথৰ কাঠালগুল এলেকাত আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত জব্দ হয় হেৰ’ইনখিনি । আৰক্ষী সূত্ৰে জানিব পৰা মতে, জব্দকৃত হেৰ’ইনখিনিৰ মূল্য তিনি পৰা চাৰি কোটি টকা হ’ব ৷

Last Updated : Jul 14, 2022, 10:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.