ETV Bharat / city

জ্বলি ছাই কয়লাভৰ্তি ট্ৰাক আৰু স্কৰপিঅ'

author img

By

Published : Mar 15, 2020, 11:30 PM IST

অসম মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত এখন স্কৰপিঅ' বাহন জ্বলি উঠাৰ লগতে মহানগৰীৰ সমীপৰ যোৰাবাটত জ্বলি ছাই হৈ যায় এখন কয়লাভৰ্তি ট্ৰাক ৷

জ্বলি ছাই কয়লাভৰ্তি ট্ৰাক আৰু স্কৰপিঅ'
জ্বলি ছাই কয়লাভৰ্তি ট্ৰাক আৰু স্কৰপিঅ'

গুৱাহাটী আৰু কৰিমগঞ্জ, 15 মাৰ্চ : অসম মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত জ্বলি উঠে এখন স্কৰপিঅ' বাহন । ঘটনাত সৌভাগ্যক্ৰমে প্ৰান ৰক্ষা পৰে তিনিজন আৰোহী সহ চালকৰ । কি কাৰনত বাহনখনত অগ্নিসংযোগ ঘটিছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । যান্ত্ৰিক বিসংগতিৰ ফলত ঘটনাটো সংঘটিত হৈছে বুলি ধাৰনা কৰা হৈছে ।

জ্বলি উঠা স্কৰপিঅ' বাহনখন

অসম মিজোৰাম সীমান্তৰ ভাইৰেন্ঠি এলেকাৰ পৰা পোন্ধৰ কিলোমিটাৰ নিলগত থকা বিলকাতলি এলেকাত সংঘটিত হয় এই ঘটনা । বাহনখনত থকা যাত্ৰীসকল শিলচৰৰ বুলি জানিব পৰা গৈছে । খয়ৰুল ইছলাম নামৰ এগৰাকী চালকে শিলচৰৰ পৰা স্কৰপিঅ'খন আইজলৰ উদ্দেশ্য লৈ যোৱাৰ সময়ত ৰহস্যজনকভাৱে জুই লাগিছিল । বাহনখনৰ গৰাকী হৈছে আইজলৰ বাসিন্দা ছাদিক আহমেদ । ইতিমধ্যে মিজোৰাম আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

জ্বলি ছাই কয়লাভৰ্তি ট্ৰাক আৰু স্কৰপিঅ'
জ্বলি যোৱা কয়লাভৰ্তি ট্ৰাকখন

আনহাতে, গুৱাহাটীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলি উঠে এখন কয়লা ভৰ্তি ট্ৰাক ৷ তিনিচুকীয়া পৰা গুৱাহাটী অভিমুখে আহি থকা কয়লা ভৰ্তি ট্ৰাকখন যোৰাবাট আৰক্ষী চকীৰ অন্তৰ্গত গণেশ মন্দিৰ নেপালী বস্তিৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় । AS01 HC 5312 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰে ।

যোৰাবাটত জ্বলি ছাই কয়লাভৰ্তি ট্ৰাক

দুৰ্ঘটনাৰ ফলত ট্ৰাকখনৰ তেলৰ টেংকীত জুই লাগি যায় । ঘটনাৰ খবৰ পাই যোৰাবাট আৰক্ষী চকীৰ এটা দলৰ লগত যান-বাহন আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । সোণাপুৰ আৰু দিছপুৰ পৰা অহা দুটাকৈ অগ্নিনিৰ্বাপক বাহিনীৰ দলে কয়লা ভৰ্তি ট্ৰাকখনত লাগি থকা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ট্ৰাকখন জ্বলি ছাই হৈ যায় । দুৰ্ঘটনাৰ সংঘটিত কৰি ঘটনাস্থলীৰ পৰা চালক আৰু হেণ্ডিমেন ঘটনাস্থলীৰ পৰা পলাই যায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.