ETV Bharat / city

ডিচেম্বৰৰ ভিতৰত পদপথৰ ব্যৱসায়ীক ঋণ প্ৰদান কৰিব চৰকাৰে

author img

By

Published : Dec 10, 2021, 10:37 PM IST

CM orders to provide loan to street vendors by december
ডিচেম্বৰৰ ভিতৰত পদপথৰ ব্যৱসায়ীক ঋণ প্ৰদান কৰিব চৰকাৰে

পদপথৰ ব্যৱসায়ীৰ বাবে ঋণৰ ব্যৱস্থা চৰকাৰৰ ৷ ডিচেম্বৰৰ ভিতৰত এনে ব্যৱসায়ী সকলক ঋণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM orders to provide loan to street vendors) ।

গুৱাহাটী, ১০ ডিচেম্বৰ : ক’ভিড কালত ক্ষতিগ্ৰস্ত হোৱা ৪০ হাজাৰ পদপথৰ ব্যৱসায়ীয়ে ডিচেম্বৰৰ ভিতৰত ১০০ শতাংশ ঋণ লাভ কৰিব(Foot path vendors to get loan) । এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ক’ভিড সৃষ্ট পৰিবেশত বিপৰ্যয়ৰ সন্মুখীন হোৱা পদপথৰ ব্যৱসায়ী সকলৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছিল পিএম ষ্ট্ৰীট ভেণ্ডৰ নিধি(PM Street Vendor's AtmaNirbhar Nidhi ) । এই নিধিৰ জৰিয়তে ঋণৰ বাবে প্ৰায় ৪০ হাজাৰ ব্যৱসায়ীয়ে আবেদন কৰিছে আৰু ইয়াৰে ১৭ হাজাৰক ইতিমধ্যে ঋণ প্ৰদান কৰা হৈছে ।

এই আচঁনি অনুসৰি প্ৰথম পৰ্যায়ত ১০ হাজাৰ আৰু ১০ হাজাৰ ঘূৰাই দিলে দ্বিতীয় পৰ্যায়ত লাভ কৰিব ২০ হাজাৰ টকা । ২০ হাজাৰ টকা ঘূৰাই দিলে তৃতীয় পৰ্যায়ত লাভ কৰিব ৫০ হাজাৰ টকা। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বেংকৰ বিষয়াসকলৰ লগত বৈঠকত বহি ডিচেম্বৰৰ ভিতৰত সকলোকে ঋণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে (CM orders to provide loan to street vendors) । জানিব পৰা মতে, বৰ্তমানলৈকে অসমত ১০ হাজাৰ টকাৰ ঋণ পোৱা ৮০০ গৰাকী ব্যৱসায়ীয়ে এই ঋণ ঘূৰাই দিছে ।

উল্লেখযোগ্য যে, শুকুৰবাৰৰ বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী অশোক সিংঘল, বিত্তমন্ত্ৰী অজন্তা নেওঁগ, মুখ্য সচিব জিষ্ণু বৰুৱাৰ উপৰি আন বিষয়াসকল ।

লগতে পঢ়ক : Land Grabbing Allegation: মুখ্যমন্ত্ৰীয়ে ক’লে, মোৰ পত্নীৰ পিছত লাগি থকাতকৈ মোৰ লগত লাগক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.