ETV Bharat / city

বানত ক্ষতিগ্রস্তক সকাহ: অসমলৈ কেন্দ্ৰৰ ২৫০ কোটি

author img

By

Published : Sep 17, 2022, 1:11 PM IST

বানত ক্ষতিগ্রস্তক সকাহ দিয়াৰ লক্ষ্যৰে এন ডি আৰ এফ শিতানত পুঁজি মুকলি । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ ক্ষয়-ক্ষতিৰ জোৰা মাৰিবৰ বাবে অসমক দিছে ২৫০ কোটি টকা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্রীৰ ।

বানত ক্ষতিগ্রস্তক সকাহ: অসমলৈ কেন্দ্ৰৰ ২৫০ কোটি
বানত ক্ষতিগ্রস্তক সকাহ: অসমলৈ কেন্দ্ৰৰ ২৫০ কোটি

গুৱাহাটী,১৭ ছেপ্টেম্বৰ: অসমবাসীৰ বাবে ভাল খবৰ । চলিত বৰ্ষত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমক ২৫০ কোটি টকা প্রদান কৰিছে । এন ডি আৰ এফ (ৰাষ্ট্ৰীয় দুর্যোগ প্ৰশমন পুঁজি)ৰ শিতানত এই ধন প্ৰদান কৰাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে প্রকাশ কৰে যে ৰাজ্যখনত হোৱা বানৰ ক্ষয়-ক্ষতিৰ প্ৰকৃত তথ্যসম্বলিত প্রতিবেদন এতিয়াও উচ্চ পৰ্যায়ৰ কমিটীয়ে দাখিল কৰা নাই ।

বানত ক্ষতিগ্রস্তক সকাহ: অসমলৈ কেন্দ্ৰৰ ২৫০ কোটি
বানত ক্ষতিগ্রস্তক সকাহ: অসমলৈ কেন্দ্ৰৰ ২৫০ কোটি

কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ ক্ষয়-ক্ষতিৰ জোৰা মাৰিবৰ বাবে ২৫০ কোটি টকা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Centre release 250 crore to Assam) । ইফালে কেন্দ্ৰীয় চৰকাৰে এই ধন প্ৰদান কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ।

এটা টুইটযোগে মুখ্যমন্ত্ৰীজনে কয় যে এই ধন বানত ক্ষতিগ্রস্ত হোৱাসকলৰ পুনৰ সংস্থাপনত ব্যয় কৰাৰ লগতে আন্তঃগাঁথনি মেৰামতিৰ ক্ষেত্ৰত ব্যয় কৰা হ’ব । মন কৰিবলগীয়া যে চলিত বৰ্ষত হোৱা প্ৰলয়ংকৰী বানত ৰাজ্যখনৰ বিস্তৰ ক্ষতি হৈছিল । এতিয়ালৈকে কিমান ক্ষতি হ’ল, তাৰ তথ্য চৰকাৰীভাৱে ৰাজহুৱা কৰা হোৱা নাই যদিও প্রায় তিনি হাজাৰ কোটি টকাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে ।

এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ এন ডি আৰ এফ (NDRF) শিতানত কিছু ধন অসমক প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক
অনুৰোধ জনাইছিল । মুখ্যমন্ত্ৰীজনৰ এই অনুৰোধৰ পাছতে কেন্দ্ৰীয় চৰকাৰে উক্ত শিতানত ২৫০ কোটি টকা মোকলাই দিয়ে ।

লগতে পঢ়ক: জলবায়ু পৰিবৰ্তনৰ নেতিবাচক প্ৰভাৱ: শীৰ্ষত আছে কৰিমগঞ্জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.