জলবায়ু পৰিবৰ্তনৰ নেতিবাচক প্ৰভাৱ: শীৰ্ষত আছে কৰিমগঞ্জ

author img

By

Published : Sep 17, 2022, 10:17 AM IST

জলবায়ু পৰিবৰ্তনৰ নেতিবাচক প্ৰভাৱ: শীৰ্ষত আছে কৰিমগঞ্জ

কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই সম্পৰ্কীয় এক প্ৰতিবেদন (Science and technology ministry) ৷ উক্ত প্ৰতিবেদনত জলবায়ু পৰিবৰ্তনৰ ফলত নেতিবাচক প্ৰভাৱ পৰা ভাৰতবৰ্ষৰ 25 খন জিলা চিনাক্ত কৰা হৈছে ৷ এই 25 খন জিলাৰ তালিকাত শীৰ্ষত আছে অসমৰ কৰিমগঞ্জ জিলা ৷

নিউজ ডেস্ক, 17 ছেপ্টেম্বৰ: জলবায়ু পৰিবৰ্তনৰ ফলত বিশ্বজুৰি পৰা নেতিবাচক প্ৰভাবে ইতিমধ্যে উদ্বিগ্ন কৰি তুলিছে প্ৰতিখন দেশকে (Climate change impact) ৷ ভাৰততো পৰিছে জলবায়ু পৰিবৰ্তনৰ প্ৰভাব ৷ তাতোকৈ চিন্তনীয় আৰু উদ্বেগজনক কথাটো হ'ল- জলবায়ু পৰিবৰ্তনৰ ফলত প্ৰতিকুল প্ৰাকৃতিক পৰিস্থিতিৰ সন্মুখীন হোৱা ভাৰতবৰ্ষৰ 25 খন জিলাৰ ভিতৰত শীৰ্ষত আছে অসমৰ কৰিমগঞ্জ জিলা (Karimganj district on top) ৷

অসম বিধানসভাত শুকুৰবাৰে এই উদ্বেগজনক তথ্য প্ৰকাশ কৰে ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই (Science and technology minister Keshab Mahanta) ৷ সদনত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই সম্পৰ্কীয় এক প্ৰতিবেদন (Science and technology ministry) ৷ উক্ত প্ৰতিবেদনত জলবায়ু পৰিবৰ্তনৰ ফলত নেতিবাচক প্ৰভাৱ পৰা ভাৰতবৰ্ষৰ 25 খন জিলা চিনাক্ত কৰা হৈছে ৷

এই 25 খন জিলাৰ তালিকাত শীৰ্ষত আছে অসমৰ কৰিমগঞ্জ জিলা ৷ আনহাতে সেই প্ৰতিবেদন অনুসৰি জলবায়ু পৰিবৰ্তনৰ ফলত প্ৰাকৃতিক অস্থিৰতাৰ মুখামুখি হোৱাৰ সম্ভাৱনা থকা দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে পঞ্চম ৷ বিভাগীয় মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰা এই তথ্য সঁচাকৈয়ে চিন্তনীয় ৷

আনহাতে জলবায়ু পৰিবৰ্তনৰ ফলত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা থকা দেশৰ যি 25 খন জিলাৰ কথা প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে তাৰ ভিতৰত 15 খন জিলাই হৈছে অসমৰ ৷ 25 খন জিলাৰ শীৰ্ষত কৰিমগঞ্জ থকাৰ লগতে "হাইৰিস্ক"ত থকা অসমৰ বাকী 14 খন জিলা হ'ল ক্ৰমে গোৱালপাৰা, দৰং, শোণিতপুৰ, ধুবুৰী, গোলাঘাট, কাছাৰ, বৰপেটা, তিনিচুকীয়া, বাক্সা, মৰিগাঁও, ডিব্ৰুগড়, হাইলাকান্দি, কোকৰাঝাৰ আৰু শিৱসাগৰ ৷ এই ভয়াবহ পৰিস্থিতিৰ আগজাননী পোৱাৰ পিছত স্বাভাৱিকতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন প্ৰতিৰোধ আৰু সজাগতামূলক ব্যৱস্থা হাতত লৈছে বুলিও মন্ত্ৰীগৰাকীয়ে বিধানসভাত প্ৰকাশ কৰে (Keshab Mahanta in Assam assembly) ৷

লগতে পঢ়ক: বৰ্তমান যুদ্ধৰ যুগ নহয়, মোডীয়ে পুটিনক উদ্দেশ্যি কয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.