ETV Bharat / city

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

author img

By

Published : Mar 5, 2022, 8:05 PM IST

case-against-cm-himanta-biswa-sarma-for-his-comments-on-garukhuti-indicident
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

পুনৰ আইনী মেৰপেচত সোমাই পৰিল ড৹ হিমন্তবিশ্ব শৰ্মা ৷ বিগত বৰ্ষৰ অক্টোবৰ মাহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৰুখুটিত চলা উচ্ছেদক "প্ৰতিশোধ" বুলি মন্তব্য কৰিছিল । এই মন্তব্যক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশে (Case against CM Himanta Biswa Sarma) ।

গুৱাহাটী, 5 মাৰ্চ : মাত্ৰ কেইদিনমান পূৰ্বে আদালতৰ ন্যায়িক প্ৰক্ৰিয়াৰ মাজত সোমাই পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা পুনৰ সোমাই পৰিছে আইনী মেৰপেচৰ মাজত । এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশে (Case against CM Himanta Biswa Sarma) । এইবাৰ এইখন যুঁজ আৰম্ভ হৈছে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক আৰু মুখ্যমন্ত্ৰীৰ মাজত ।

case-against-cm-himanta-biswa-sarma-for-his-comments-on-garukhuti-indicident
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

জানিব পৰা মতে, দৰং জিলাৰ গৰুখুটিত চৰকাৰে উচ্ছেদ চলোৱাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে মৰিগাঁৱৰ এখন সভাত কৰা এক বিতৰ্কিত মন্তব্যৰ পিছতে দুয়োৰে মাজত এই আইনী যুঁজখন আৰম্ভ হয় (Himanta Biswa Sarma's controversial comment on Garukhuti incident) ।

case-against-cm-himanta-biswa-sarma-for-his-comments-on-garukhuti-indicident
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

শনিবাৰে সাংসদ খালেকৰ হৈ আদালতত যুক্তি দৰ্শোৱা অধিবক্তা ছামিম আহমেদ বৰভূঞাই ই টিভি ভাৰতৰ আগত জনোৱা মতে " বিগত বৰ্ষৰ অক্টোবৰ মাহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৰুখুটিত চলা উচ্ছেদক "প্ৰতিশোধ" বুলি মন্তব্য কৰিছিল । লগতে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য অতি সাম্প্ৰদায়িক আছিল বুলি অভিযোগ তুলি সাংসদ আব্দুল খালেকে দিছপুৰ আৰক্ষীৰ ওচৰত মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল ।

পিছে দিছপুৰ আৰক্ষীয়ে সাংসদ গৰাকীয়ে তৰা সেই গোচৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰে আৰু আৰক্ষীৰ এনে স্থিতিত বাধ্য হৈ সাংসদ আব্দুল খালেকে কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত এটা গোচৰ তৰে (1598/2022) । সেই গোচৰৰ আধাৰতে মহকুমা ন্যায়িক দণ্ডাধীশ বিশ্বদীপ বৰুৱাৰ আদালতে শনিবাৰে গোচৰটোৰ শুনানী গ্ৰহণ কৰে আৰু দিছপুৰ আৰক্ষী থানাক এই সাম্প্ৰদায়িক মন্তব্যৰ বাবে ড৹ হিমন্তবিশ্ব বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি 153 আৰু 153 (ক) ৰ অধীনত গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়ে । "

মনকৰিবলগীয়া যে, গৰুখুটিৰ উচ্ছেদৰ ঘটনাক 1983 চনৰ অসম আন্দোলনৰ সময়ত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ "প্ৰতিশোধ" বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজহুৱাকৈ মৰিগাঁৱৰ এখন সভাত মন্তব্য কৰাৰ অভিযোগ তুলিছিল সাংসদ আব্দুল খালেকে ।

লগতে পঢ়ক : মাজুলীত ভূমিপূজন কৰি বিজতৰীয়া সংস্কৃতি আনিলে বিজেপিয়ে : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.