ETV Bharat / city

আজিৰে পৰা বিধায়ক হ'ল ভূৱন গাম

author img

By

Published : Mar 14, 2022, 5:37 PM IST

ভূৱন গাম আজিৰে পৰা বিধায়ক হ'ল । বিধানসভা অধিবেশনৰ প্ৰথম দিনটোতে বিধানসভাৰ মজিয়াত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক হিচাপে ভূৱন গামক শপতবাক্য পাঠ কৰোৱায় (Bhuban Gam takes oath as MLA) ।

Bhuban Gam takes oath as MLA
আজিৰে পৰা বিধায়ক হ'ল ভূৱন গাম

গুৱাহাটী, ১৪ মাৰ্চ: সৌ সিদিনালৈকে ব্যৱসায়ী বুলি পৰিচিত হৈ অহা ভূৱন গাম আজিৰে পৰা বিধায়ক হ'ল । তেওঁৰ এতিয়া নতুন পৰিচয় ‘‘বিধায়ক ভূৱন গাম’’ । কংগ্ৰেছৰ শাসনকালৰে পৰাই ৰাজনীতিলৈ আহিবলৈ চেষ্টা চলাই থকা ভূৱন গামৰ ৰাজনৈতিক অভিপ্সা অৱশেষত পূৰণ হ'ল । তেওঁৰ স্বপ্ন পূৰণৰ সেই সুযোগ আনি দিলে বিজেপিয়ে ।

অসম বিধানসভাৰ বাজেট অধিবেশন আজিৰে পৰা আৰম্ভ হৈছে আৰু অধিবেশনৰ প্ৰথম দিনটোতে বিধানসভাৰ মজিয়াত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক হিচাপে ভূৱন গামক শপতবাক্য পাঠ কৰোৱায় (Bhuban Gam takes oath as MLA)। মাজুলীৰ উপ-নিৰ্বাচনত বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীক বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজেপিৰ প্ৰাৰ্থী ভূৱন গাম বিধায়ক হিচাপে মাজুলীৰ পৰা জয়ী হৈ আহে আৰু সংসদীয় বিধি অনুসৰি ভূৱন গামে বিধায়কৰূপে শপত গ্ৰহণ কৰে ৷

আনুষ্ঠানিকভাৱে বিধায়কৰ স্বীকৃতি লাভ কৰাৰ পিছতেই সোমবাৰে বিধানসভাৰ চেন্ট্ৰেল হলত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, চৰকাৰৰ দুই মিত্ৰ দল অগপ আৰু ইউ পি পি এলৰ সভাপতিদ্বয় ক্ৰমে অতুল বৰা আৰু প্ৰমোদ বড়ো সমন্বিতে বিজেপি আৰু মিত্ৰ দলৰ বিধায়কসকলে ভূৱন গামক উষ্ম আদৰণি জনায় । বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এৰি থৈ অহা মাজুলীত তেওঁৰেই উত্তৰসুৰী হিচাপে বিধানসভালৈ অহা ভূৱন গামে মাজুলীৰ কল্যাণ আৰু বিকাশৰ বাবে কিদৰে মনোনিৱেশ কৰে সেয়া সময়েহে ক’ব ।

লগতে পঢ়ক: বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ অখিল গগৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.