ETV Bharat / city

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ: চৰকাৰৰ স্থিতিক কঠোৰ সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Sep 15, 2022, 6:18 PM IST

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ: চৰকাৰৰ স্থিতিক কঠোৰ সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ: চৰকাৰৰ স্থিতিক কঠোৰ সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ

এইবাৰ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুতিৰ বাবে গঠন কৰিলে মন্ত্ৰীগোট । এতিয়া অসম চৰকাৰে বল ঠেলিছে মন্ত্ৰী গোটৰ ক'ৰ্টলৈ । নিজৰ ব্যৰ্থতা, নিজৰ হেমাহি আৰু আগ্ৰহহীনতাক ঢাকিবলৈ কথাচহকী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে এইবাৰ অজুহাত হিচাপে লৈছে মন্ত্ৰীগোটৰ প্ৰতিবেদনক(Group of Ministers report) ।

গুৱাহাটী, 15 ছেপ্টেম্বৰ: বুধবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচ ৰাজ্যৰ ১৫ টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছে(Assam Trinamool Congress) ৷ দলটোৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেলত ভাগ লৈ কয় যে ২০১৪ চনৰ পৰা অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ ক্ষেত্ৰত কেন্দ্ৰই ল'ৰা-ধেমালি কৰি আহিছে ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ: চৰকাৰৰ স্থিতিক কঠোৰ সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ

নিৰ্বাচনৰ আগে আগে জনগোষ্ঠীকেইটাৰ নেতৃবৃন্দক দিল্লীলৈ মাতি নি প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচনৰ পাছত পাহৰি যায় । ইয়াৰ জৰিয়তে জনগোষ্ঠীকেইটাৰ লাখ লাখ লোকৰ লগতে অসমকো চূড়ান্ত অপমান কৰি আহিছে বিজেপিয়ে । তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ কাৰো এই ছয় জনগোষ্ঠীৰ প্ৰতি দায়ৱদ্ধতাও নাই, আগ্ৰহো নাই । প্ৰথমে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ(Justice Biplob Kumar Sarma) নেতৃত্বৰ সমিতিক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কোৱা হ'ল ।

'কা' আইন হোৱাৰ পাছত লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে(Union Home Minister) বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ পাছতে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিলে । শৰ্মা সমিতিৰ প্ৰতিবেদনখন আজিলৈকে কেন্দ্ৰলৈকে গৈ নাপালে । ২০২১ ৰ নিৰ্বাচনৰ আগে আগে সেই প্ৰতিবেদন সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেহে(Former CM Sarbananda Sonowal) গ্ৰহণ কৰিলে । সেয়াও এক অপমান বুলিয়ে ক'ব লাগিব । তাৰ পাছতো বিজেপি চৰকাৰৰ নাটক অব্যাহত থাকিল ।

এইবাৰ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুতিৰ বাবে গঠন কৰিলে মন্ত্ৰীগোট(Scheduling of six tribes) । এতিয়া অসম চৰকাৰে বল ঠেলিছে মন্ত্ৰী গোটৰ ক'ৰ্টলৈ । নিজৰ ব্যৰ্থতা, নিজৰ হেমাহি আৰু আগ্ৰহহীনতাক ঢাকিবলৈ কথাচহকী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে এইবাৰ অজুহাত হিচাপে লৈছে মন্ত্ৰীগোটৰ প্ৰতিবেদনক ।

মুঠতে অজুহাত বিচৰাৰ এই নাটকেৰে বিজেপি চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ দাবীক যে উপলুঙা কৰিছে সেয়া ওলাই পৰিছে বুলি তেওঁ মন্তব্য কৰে । সদায় ৰাজনৈতিক অংকত ব্যস্ত নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ বাবে উত্তৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডুৰ দৰেহে ৰাজ্যৰ প্ৰয়োজনবোৰহে অগ্ৰাধিকাৰৰ বিষয় বুলি মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ গৰাকীয়ে ।

তেওঁ লগতে আহোম, মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকৰ দাবীৰ প্ৰতি অসম তৃণমূল কংগ্ৰেছৰ এশ শতাংশ সমৰ্থনৰ কথা ব্যক্ত কৰি নাটক আৰু ল'ৰা-ধেমালি এৰি শীঘ্ৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.