ETV Bharat / city

Assam Meghalaya Border Conflict : মেঘালয়ক ভূমি এৰি দিয়াৰ পক্ষপাতি নহয় APCC

author img

By

Published : Jan 19, 2022, 5:18 PM IST

Assam Meghalaya border conflict
মেঘালয়ক ভূমি এৰি দিয়াৰ পক্ষপাতি নহয় প্ৰদেশ কংগ্ৰেছ

অসম-মেঘালয় সীমা সমস্যাক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কইনাধৰাত অনুষ্ঠিত কৰে এখন সৰ্বদলীয় বৈঠক ৷ এই বৈঠকৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দীৰ্ঘদিনীয়া সীমা সমস্যাটোৰ ওপৰত মন্তব্য আগবঢ়ায় ৷ চৰকাৰে এৰা-ধৰাৰ মাজেৰে সীমা সমস্যা সমাধানৰ সিদ্ধান্ত লৈছে বুলি কৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, এই কথা কংগ্ৰেছ দলে কোনো কাৰণতে মানি ল’ব নোৱাৰে (Bhupen Bora on Assam Meghalaya Border issue) ৷

গুৱাহাটী, ১৯ জানুৱাৰী : অসম-মেঘালয় সীমা সমস্যাক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠিত কৰা সৰ্বদলীয় বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । উল্লেখ্য যে, মঙলবাৰে কইনাধৰাত মুখ্যমন্ত্ৰীৰ সভাপতিত্বত অসম-মেঘালয়ৰ ছটা বিবদমান এলেকাৰ সীমা সমস্যা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল (All party meeting With CM Himanta Biswa Sarma) ।

মেঘালয়ক ভূমি এৰি দিয়াৰ পক্ষপাতি নহয় প্ৰদেশ কংগ্ৰেছ

কইনাধৰাৰ বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয় যে, বৈঠকত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চাৰিগৰাকী বিধায়কে অংশগ্ৰহণ কৰিছিল । সৰ্বদলীয় বৈঠকত অসম-মেঘালয়ৰ সীমা সমস্যা (Assam Meghalaya border conflict) সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা দিয়া প্ৰস্তাৱৰ ক্ষেত্ৰত কংগ্ৰেছৰ তৰফৰ পৰা বিষয়টো বিধানসভাত বিশদভাৱে আলোচনা নকৰা পৰ্যন্ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনোৱা হৈছিল ।

তেওঁ কয় যে, চৰকাৰে ৩৬.৭৯ বৰ্গ কিল’মিটাৰ এলেকাৰ ক্ষেত্ৰত ৫০:৫০ ফৰ্মূলাৰে সীমা সমস্যাৰ মীমাংসাৰ প্ৰস্তাৱ লৈছে । দীৰ্ঘদিনীয়া সীমা বিবাদৰ এটা মীমাংসা হোৱাটো প্ৰত্যেকেই বিচাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে, অন্য ৰাজ্যৰ তুলনাত অসমৰ সীমান্ত অঞ্চলৰ সামগ্ৰিক উন্নয়ন হোৱা নাই । যাৰ বাবে সীমান্তবাসীৰ মনত যথেষ্ট ক্ষোভ আছে ।

ভূপেন বৰাই লগতে কয় যে, বিধানসভাত মন্ত্ৰী অতুল বৰাই অসমৰ সীমান্তৰ ৰাইজক মেঘালয়ৰ আৰক্ষী-প্ৰশাসনে মেঘালয়ৰ লগত চামিল হোৱাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ কথা স্বীকাৰ কৰিছে । সেই প্ৰসংগ কিন্তু সৰ্বদলীয় বৈঠকত আলোচনা কৰা নহ'ল ।

ইয়াৰোপৰি ভূপেন বৰাই কয়, অসমৰ সৰহ সংখ্যক ৰাজনৈতিক দল এতিয়া চৰকাৰৰ লগত আছে । জাতি, মাটি আৰু ভেঁটি ৰক্ষাৰ কথা কোৱা চৰকাৰখনে বাৰে বাৰে সেই কথা ভংগ কৰিছে । সীমা সমস্যাৰ বিষয়টো বিধানসভাত আলোচনা নকৰাকৈ এজন ব্যক্তিৰ স্বাৰ্থত যদি চৰকাৰখনে ৫০:৫০ ফৰ্মূলা গ্ৰহণ কৰে, তেন্তে ভৱিষ্যতে অন্য ৰাজ্যৰ লগত থকা সীমা বিবাদৰ ক্ষেত্ৰতো একেই নীতি গ্ৰহণ কৰিব লাগিব (Bhupen Bora on Assam Meghalaya Border issue) ।

ফলত অসমৰ সীমা সংকুচিত হৈ আহিব । চৰকাৰে বহু অঞ্চল মেঘালয়ক এৰি দিব বিচাৰিছে । নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আদি ৰাজ্যৰ লগতো অসমৰ সীমা বিবাদ আছে । এনেদৰে সকলোকে ভূমি এৰি দিলে তথা সীমাৰ ক্ষেত্ৰত আপোচ কৰিলে অসমখন সংকুচিত হৈ আহিব । কংগ্ৰেছ দলে এই কথা কোনো কাৰণতে মানি ল'ব নোৱাৰে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰী কৰে ৷

লগতে পঢ়ক: Assam Meghalaya border conflict : সৰ্বদলীয় বৈঠকত পলমকৈ নিমন্ত্ৰণী পত্ৰ পালে ৰাইজৰ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.