ETV Bharat / city

এতিয়াও জলমগ্ন ৰাজ্যৰ 10 খন জিলাৰ 158 গাঁও

author img

By

Published : Aug 7, 2020, 12:32 PM IST

ৰাজ্যৰ 33 খন জিলাৰ ভিতৰত 10 খনৰ 158 খন গাঁও এতিয়াও জলমগ্ন হৈ আছে । যোৰহাট জিলাৰ নিমাতিঘাটত বৰ্তমানেও বিপদসীমাৰ ওপৰেৰে বৈ আছে মহাবহু ব্ৰহ্মপুত্ৰ ।

158 villages of 10 districts still under water
এতিয়াও জলমগ্ন ৰাজ্যৰ 10 খন জিলাৰ 158 গাঁও

গুৱাহাটী, 7 আগষ্ট : দুমাহতকৈও অধিক দিন বানৰ কবলত ককবকাই থকা ৰাজ্যৰ 27 খনকৈ জিলাৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ'বলৈ ধৰিছে । বান ক্ৰমে হ্ৰাস পাবলৈ ধৰাত আশ্ৰয় শিবিৰত থকা লোকসকল নিজ নিজ ঘৰমুৱা হৈছে । ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও 10 খনকৈ জিলাৰ 158 খন গাঁও এতিয়াও বাঢ়নী পানীৰ তলত আছে ।

বর্তমানেও বানৰ কবলত থকা এই 158 খন গাঁৱৰ 74 হাজাৰতকৈও অধিক লোক বানৰ ফলত প্ৰভাৱিত হৈ আছে । ৰাজ্যত কালৰূপ ধাৰণ কৰা নৈ-উপনৈ সমূহৰ জলস্তৰ হ্ৰাস পাইছে যদিও মহাবাহু ব্ৰহ্মপুত্ৰ যোৰহাট জিলাৰ নিমাতিঘাটত বৰ্তমানেও বিপদ সীমাৰ ওপৰেৰে বৈ আছে । 158 খন গাঁও বৰ্তমানেও বানপানীৰ ফলত প্ৰভাৱিত হৈ থকাৰ বাবে 5 খনকৈ চৰকাৰী আশ্ৰয় শিবিৰত 409 গৰাকী লোক আশ্ৰয় লৈ আছে ।

উল্লেখ্য যে,চলিত বছৰত অহা দুটাকৈ বানত ৰাজ্যত মৃত্যু হৈছে 110 গৰাকীকৈ লোকৰ । বিনষ্ট হৈছে বিস্তীৰ্ণ খেতি পথাৰ । ৰাজ্যৰ 15,944 হেক্টৰ কৃষিভূমি এতিয়াও ডুব গৈ আছে বাঢ়নী পানীৰ তলত ।

লগতে পঢ়ক : শিৱসাগৰত পুনৰ সক্ৰিয় লোহা চুৰি চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.