ETV Bharat / city

মিলনজ্যোতি সংঘৰ উদ্যোগত ক'ভিড ভেকচিন প্ৰদান

author img

By

Published : May 11, 2021, 8:15 PM IST

প্ৰতিষেধক প্ৰদান কৰা কাৰ্যত ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা
প্ৰতিষেধক প্ৰদান কৰা কাৰ্যত ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা

ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছে ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ৷ এতিয়ালৈকে 700 গৰাকী ব্যক্তিক প্ৰদান কৰা হয় কৰ’ণাৰ প্ৰতিষেধক ৷

ডিব্ৰুগড়,11 মে': ক'ভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ বিভিন্ন স্থানত প্ৰদান কৰি থকা হৈছে ক'ভিড-19 ৰ প্ৰতিষেধক ৷ ডিব্ৰুগড়ৰ অন্যতম সামাজিক, সাংস্কৃতিক ক্ৰীড়া অনুষ্ঠান মিলনজ্যোতি সংঘৰ উদ্যোগত তথা ডিব্ৰুগড়ৰ অতিৰিক্ত মূখ্য স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ সহযোগত সংঘৰ প্ৰাংগণত প্ৰদান কৰা হৈছে ক'ভিডৰ প্ৰতিষেধক । ৪৫-৬০ ৰ ঊৰ্ধ্বৰ ব্যক্তিক প্ৰদান কৰা হৈছে কৰ’ণাৰ প্ৰতিষেধক ।

প্ৰতিষেধক প্ৰদান কৰা কাৰ্যত ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা

6 মে’ৰ পৰা আৰম্ভ হোৱা এই ক'ভিড প্ৰতিষেধক প্ৰদান শিবিৰত এতিয়ালৈকে মুঠ ৭০০ গৰাকীকৈ ব্যক্তিক প্ৰদান কৰা হৈছে প্ৰতিষেধক । জিলাখনৰ মিলন নগৰ, নিৰ্মালী গাঁও, মানকটা, খনিয়া গাঁও, চৌকিডিঙি আদিকে ধৰি কেইবাটাও অঞ্চলৰ জনসাধাৰণে গ্ৰহণ কৰিছে ক'ভিডৰ প্ৰতিষেধক ।

লগতে পঢ়ক : একমাত্ৰ উপাৰ্জনক্ষম সদস্যৰ শাৰিৰীক স্থিতিত বিধ্বস্ত এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.