ETV Bharat / city

Moran incident: দুই আৰক্ষী বিষয়াক উচিত শাস্তিৰ দাবীত মৰাণত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Oct 14, 2022, 9:24 PM IST

মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু উপ পৰিদৰ্শক ভৱেন দত্তক উচিত শাস্তিৰ দিয়াৰ দাবীত মৰাণত ৰাইজৰ প্ৰতিবাদ ৷ 10 জন যুৱকক থানাৰ ভিতৰত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল বিষয়াদ্বয়ে ৷

Public protest against Bijoy Daimari and Bhaben Dutta
মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ পৰিদৰ্শকক উচিত শাস্তিৰ দাবীত মৰাণত ৰাইজৰ প্ৰতিবাদ

মৰাণ, 14 অক্টোবৰ: মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু আৰক্ষী উপ-পৰিদৰ্শক ভৱেন দত্তক উচিত শাস্তি দিয়াৰ দাবীত শুকুৰবাৰে মৰাণত স্থানীয় লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Protest in Moran) ৷ মৰাণৰ পৰিদৰ্শন ভৱনৰ সন্মুখত ৰাইজে মৰাণ কাণ্ডক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, আৰক্ষীৰ খাকী পোচাকত দাগ লগোৱা মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু উপ-পৰিদৰ্শক ভৱেন দত্তক ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰিছে আৰক্ষী বিভাগে(Moran Police Station OC Reserved Closed) ।

মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ পৰিদৰ্শকক উচিত শাস্তিৰ দাবীত মৰাণত ৰাইজৰ প্ৰতিবাদ

মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু উপ-পৰিদৰ্শক ভৱেন দত্তই থানাৰ ভিতৰত হিন্দী চিনেমাৰ কায়দাৰে গছকি গছকি মাৰিছিল ১০ জনকৈ যুৱকক(Police officer's physically assaulting youths) । আৰক্ষী বিষয়া দুগৰাকীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগা হৈছিল দুজন যুৱক । এই ঘটনা ৰাজ্যজুৰি চৰ্চিত হৈ পৰিছিল । যুৱককেইজনৰ আঘাতৰ চিন দেখি বুকু কঁপি উঠিছিল সকলোৰে ।

কিন্তু দুই আৰক্ষী বিষয়াক কেৱল ৰিজাৰ্ভ ক্ল'জ কৰিয়েই দায়িত্ব সামৰিব খোজাত এতিয়া জাঙুৰ খাই উঠিছে দল-সংগঠন লগতে সচেতন ৰাইজ । যাৰ বাবে শুকুৰবাৰে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু উপ-পৰিদৰ্শক ভৱেন দত্তক উচিত শাস্তি দিয়াৰ দাবীত মৰাণত ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ(Protest against Bijoy Daimari and Bhaben Dutta) ।

ডিমৌৰ সমূহ জাতি জনগোষ্ঠীয় দল-সংগঠনৰ উদ্যোগত মৰাণত স্থানীয় লোকে সাব্যস্ত কৰে এই প্ৰতিবাদ । মৰাণৰ পৰিদৰ্শন ভৱনৰ সন্মুখত আৰক্ষী আৰু প্ৰশাসনৰ লোকে বাধা দিয়ে প্ৰতিবাদকাৰীক । কিন্তু পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত মৰাণৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু আৰক্ষী চক্ৰ পৰিদৰ্শক প্ৰতিবাদস্থলীত উপস্থিত হয় ৷ তেওঁলোকে আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰাৰ পাছতে ক্ষান্ত হয় প্ৰতিবাদকাৰীসকল ৷

অৱশ্যে প্ৰতিবাদকাৰীসকলে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু আৰক্ষী উপ-পৰিদৰ্শক ভৱেন দত্তক উচিত শাস্তি প্ৰদান নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ উল্লেখযোগ্য যে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে পত্নীসহ মৰাণৰ এখন ধাবাত ভাত খাই থকা অৱস্থাত ১০ জন যুৱকে তেওঁৰ পত্নীক অশালীন ব্যৱহাৰ কৰা বুলি অভিযোগ তুলিছিল ৷

আৰক্ষী বিষয়াগৰাকীয়ে পৰৱৰ্তী সময়ত নিশা মৰাণ থানাৰ ভিতৰত যুৱক ১০ জনক সম্পূৰ্ণ উলংগ কৰি হিন্দী চিনেমাৰ কায়দাৰে গছকি গছকি প্ৰহাৰ কৰাৰ অভিযোগ উঠিছিল ৷ এই ঘটনাত উপ-পৰিদৰ্শক ভৱেন দত্তই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক সহযোগ কৰাৰ অভিযোগ উঠে ৷ এই অভিযোগৰ ভিত্তিতেই ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে দুইগৰাকী আৰক্ষী বিষয়াক(Moran Police Station SI Reserved Closed) ৷

লগতে পঢ়ক : SI Moran PS reserve closed: মৰাণ থানাৰ এছ আই ভৱেন দত্তক ৰিজাৰ্ভ ক্ল'জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.