ETV Bharat / city

জলন্ত সমস্যা সমাধানৰ দাবীৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

author img

By

Published : Aug 5, 2021, 8:57 PM IST

মটক স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি দিলেই নহ'ব, চৰকাৰে সঠিক পুঁজি আৱণ্টন দি প্ৰকৃততে জনগোষ্ঠীটোৰ উন্নয়ন সাধন কৰিব লাগিব ৷ এই ভাষ্য মটক যুৱ ছাত্ৰ সন্মিলনৰ ৷

protest-of-matak-yuva-satra-sanmilan-etv-bharat-assam-news
জলন্ত সমস্যা সমাধানৰ দাবীৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

ডিব্ৰুগড়, 5 আগষ্ট : স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি দিয়াৰ পাছতো একপ্ৰকাৰ অসন্তুষ্ট সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন । মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্য়স্ত কৰি সংগঠনটোৱে কঠোৰ ভাষাৰে সমালোচনা কৰে চৰকাৰক । মটক স্বায়ত্ব শাসিত পৰিষদৰ বাবে চৰকাৰে ঘোষণা কৰা 125 কোটিৰ আৰ্থিক পেকেজ অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে দাবী উত্থাপনেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

চৰকাৰে অতি সোনকালে আমাৰ প্ৰাপ্য মুকলি কৰি দিয়াৰ দিশত নিজৰ স্থিতি স্পষ্ট কৰক- এই দাবী সংগঠনটোৰ । এই প্ৰতিবাদৰ জৰিয়তে সীমা সমস্যা, মূল্যবৃদ্ধি, বান, খহনীয়া, ক’ভিডৰ বাবে সৃষ্টি হোৱা ভয়াৱহ নিবনুৱা সমস্যা সমাধানৰো দাবী জনাই চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ।

চহৰখনৰ চৌকিডিঙিত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ অতি সোনকালে এই সমস্যাসমূহ সমাধান নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈও অধিক জংগী হৈ পৰাৰ হুংকাৰ প্ৰদান কৰে মটক যুৱ ছাত্ৰ সন্মিলনে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সংবাদ মেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.