দুলীয়াজানত পৰিবহন বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 9, 2021, 12:46 PM IST

protest against Transportation Department at duliajan

দুলীয়াজানৰ নতুন বাছ আস্থানত উত্তপ্ত পৰিস্থিতি । বুধবাৰে যাত্ৰীবাহী বাছ, ট্ৰেভেলাৰ মালিক আৰু চালক সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ । যাৰ ফলত যাত্ৰীসকলৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় ।

মৰাণ, 9 ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ ঢৌ ৷ এইবাৰ প্ৰতিবাদত বহিল বাছ তথা ট্ৰেভেলাৰৰ মালিক আৰু চালক সন্থা ৷ পৰিবহন বিভাগৰ বিৰুদ্ধে বুধবাৰে দুলীয়াজানৰ নতুন বাছ আস্থানত বাছ তথা ট্ৰেভেলাৰ সমূহৰ মালিক আৰু চালক সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনকি প্ৰতিবাদকাৰীসকলে বন্ধ কৰি দিয়ে বাছ তথা ট্ৰেভেলাৰৰ চলাচল ৷ ফলত যমৰ যাতনা ভোগ কৰিবলগা হয় যাত্ৰীসকলে ৷

ৰিবহন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ

উল্লেখ্য যে, ক’ভিড পৰিস্থিতিৰ মাজতে ৰাজ্যৰ একাংশ বাছ তথা ট্ৰেভেলাৰে বৃদ্ধি কৰিছিল বাছৰ ভাড়া ৷ যাৰ ফলত বিপাঙত পৰিছিল সাধাৰণ জনতা ৷ আনকি বাছ ভাড়া কমাবৰ বাবে একাংশ যাত্ৰীয়ে প্ৰতিবাদ তথা বিৰোধিতা কৰাও পৰিলক্ষিত হৈছিল ৷ ইফালে বাছ ভাড়া বৃদ্ধি কৰাৰ সন্দৰ্ভত পৰিবহন বিভাগে বাছৰ মালিক তথা চালকসকলক প্ৰেৰণ কৰা নাছিল কোনো জাননী ৷

লগতে পঢ়ক: বাছৰ ভাৰা বৃদ্ধি; দুই মেৰুত বাছ মালিক আৰু চৰকাৰ

নিজৰ মন মৰ্জিত বাছৰ মালিক তথা চালকসকলে ক’ভিড পৰিস্থিতিৰ মাজত বাছৰ ভাড়া বৃদ্ধি কৰিছিল ৷ সেয়ে পৰিবহন বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ অসম চৰকাৰৰ পৰিবহন বিভাগে ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত বাছৰ ভাড়া বৃদ্ধি কৰা যাত্ৰীবাহী গাড়ী আৰু ট্ৰেভেলাৰসমূহৰ নথি-পত্ৰসমূহ ৩০ ছেপ্তেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷

protest against Transportation Department at duliajan
দুলীয়াজানত পৰিবহন বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

এই নিৰ্দেশনাৰ ভিত্তিতেই পৰিবহন বিভাগে বিগত কিছুদিনৰ পৰা বিভিন্ন অজুহাত দেখুৱাই বাছ আৰু ট্ৰেভেলাৰসমূহক ১২-১৫ হেজাৰ টকাৰ জৰিমনা বিহে ৷ এই অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷ যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে বাছৰ মালিক তথা চালকসকল ৷

লগতে পঢ়ক: নিমাতীঘাটত উপস্থিত DGP ভাস্কৰজ্যোতি মহন্ত

ক’ভিড পৰিস্থিতিৰ ফলত এফালে সঠিক ৰূপত চলা নাই বাছ, আনফালে বিভিন্ন অজুহাতৰ দোহাই দি পৰিবহন বিভাগে বাছ চালকৰ পৰা লৈছে জৰিমনা ৷ ফলত এক প্ৰকাৰে হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে বাছ চালক তথা মালিক সন্থাৰ মাজত ৷ ক্ষুব্ধ বাছ চালক তথা মালিক সন্থাই ন্যায় বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

আনকি চৰকাৰৰ পৰা ইতিবাচক সঁহাৰি নোপোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বাছ চালক আৰু মালিক সন্থাই । ইফালে বাছৰ ভাড়া বৃদ্ধি হোৱাত বহু অসুবিধাৰ সন্মুখীন হৈছে বুলি মত প্ৰকাশ কৰে সাধাৰণ যাত্ৰীয়ে ৷

লগতে পঢ়ক: মূলসুঁতিলৈ উভতি আহিব নেকি DNLA সংগঠন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.