মূলসুঁতিলৈ উভতি আহিব নেকি DNLA সংগঠন ?

author img

By

Published : Sep 9, 2021, 11:54 AM IST

unilateral ceasefire

ডিমাচা নেচনেল লিবাৰেচন আৰ্মী চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ শেহতীয়া এক সিদ্ধান্তই ৰাজ্যত চৰ্চা লাভ কৰিছে । বহুতে ধাৰণা কৰিছে হয়তো অতি শীঘ্ৰে জংঘলৰ পৰা উভতিব সংগঠনটো । পিছে কি সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে ?

ডিমা হাছাও, ৯ ছেপ্তেম্বৰ : ক্ৰমে মূলসুঁতিলৈ উভতি আহিছে অসমৰ কেইবাটাও উগ্ৰপন্থী সংগঠন । শেহতীয়াকৈ অসম চৰকাৰে উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে শান্তি আলোচনাৰ আহ্বান জনাইছিল । চৰকাৰৰ আহ্বানৰ প্ৰতি ইতিমধ্যে সঁহাৰি জনাইছে বহু কেইটা সংগঠনে । বহু উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে ।

এইবাৰ ডিমাচা নেচনেল লিবাৰেচন আৰ্মী (Dimasa National Liberation Army) চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা । বুধবাৰে এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৱে জনাই যে ৭ ছেপ্তেম্বৰৰ পৰা উগ্ৰপন্থী সংগঠনটোৱে ৬ মাহৰ বাবে যুদ্ধ বিৰতিৰ সিদ্ধান্ত লৈছে ।

ডিএনএলএ (DNLA) উগ্ৰপন্থী সংগঠনৰ প্ৰচাৰ সচিব ৰিংসমাই ডিমাচাই এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে যে, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ডিএনএলএ উগ্ৰপন্থী সংগঠনক শান্তিৰ আহ্বান জনাইছিল । ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ এই আহ্বানক সন্মান জনাই তেওঁলোকে ইতিবাচক সঁহাৰি দিয়ে ।

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত শান্তি আলোচনাৰ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে ৭ ছেপ্তেম্বৰৰ পৰা ৬ মাহৰ বাবে একপক্ষীয় যুদ্ধ বিৰতিৰ ঘোষণা কৰে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৰিংসমাই ডিমাচাই ।

লগতে পঢ়ক : দিল্লীত শান্তি চুক্তিত স্বাক্ষৰকাৰী ছয় সংগঠনক ডিফুত সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.