ETV Bharat / city

বুঢ়ীদিহিং নৈৰ গৰাখহনীয়াক লৈ শংকিত নৈপৰীয়া ৰাইজ

author img

By

Published : Jun 16, 2021, 9:27 PM IST

Erosion of Burhidihing river at Bhagamur dibrugarh District
বুঢ়ীদিহিং নৈৰ গৰাখহনীয়াক লৈ শংকিত নৈপৰীয়া ৰাইজ

মৰাণ বিধানসভা সমষ্টি (Moran Constituency) ৰ কুটুহা গাঁও পঞ্চায়তৰ ভগামূৰ নেপালী গাঁৱত বুঢ়ীদিহিং নৈৰ ব্যাপক গৰাখহনীয়াই আতংকিত কৰি তুলিছে গাঁওবাসীক । ইতিমধ্যে নৈখনৰ ভয়ংকৰ গৰাখহনীয়াই ঘৰ-মাটি-ভেটি জাহ যোৱাৰ উপৰিও শ-শ বিঘা কৃষিভূমি নৈ খনত জাহ গৈছে ৷

মৰাণ, 16 জুন : কৰ'ণা (Corona)ৰ ভয়াৱহ পৰিস্থিতিৰ মাজতেই ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টি (Moran Constituency)ৰ কুটুহা গাঁও পঞ্চায়তৰ ভগামূৰ নেপালী গাঁৱৰ ৰাইজলৈ বুঢ়ীদিহিং নৈয়ে আনিছে আন এক ভাবুকি ৷ বছৰ বছৰ ধৰি বুঢ়ীদিহিং নৈৰ খহনীয়াত অঞ্চলটোৰ বহু পৰিয়ালৰ শ-শ বিঘা কৃষিভূমিৰ লগতে ঘৰ-মাটি উচন হৈছে ৷ নৈখনৰ খহনীয়াই ভয়ংকৰ ৰূপ লোৱাত গাঁও খনৰ বহু পৰিয়ালে ইতিমধ্যে গাঁও এৰি অন্য ঠাইলৈ যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷

নৈ খনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাইজে চৰকাৰ তথা জল সম্পদ বিভাগ (Water resource department)ক বহুবাৰ আবেদন নিবেদন কৰিছিল যদিও এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ কৰিছে নৈ পৰীয়া ৰাইজে ৷ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ বাবে নৈ খনৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুলি অভিযোগ কৰিছে ৰাইজে ৷

বুঢ়ীদিহিং নৈৰ গৰাখহনীয়াক লৈ শংকিত নৈপৰীয়া ৰাইজ

শীঘ্ৰেই বিভাগীয় বুঢ়ীদিহিং নৈ (Burhidehing River)খনৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধি সকলক আহ্বান জনাইছে ৰাইজে । যদি খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা নকৰে তেনেহ'লে গাওঁখনৰ লগতে কৃষি পথাৰখন নৈ খনত বিলীন হৈ যাব বুলি শংকিত হৈছে নৈ পৰীয়া ৰাইজ ৷

সমান্তৰালকৈ বৰপেটা জিলাৰ চেঙা সমষ্টি (Chenga Constituency)ৰ ৰৌমাৰী পাথাৰতো অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া । ইতিমধ্যে ৰৌমাৰী পাথাৰত কালৰূপ ধৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৰ্বস্বান্ত হৈছে নৈ-পৰীয়া ৰাইজ । খহনীয়াৰ ফলত শ-শ বিঘা কৃষিভূমি লুইতৰ বুকুত জাহ যোৱাৰ উপৰিও প্ৰায় তিনি শতাধিক পৰিয়ালে অন্যস্থানলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে বাসগৃহ।

ইফালে নৈখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ তথা জল সম্পদ বিভাগক আহ্বান জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া মুৰে-কঁপালে হাত দিবলগীয়া হৈছে নৈপৰীয়া ৰাইজ ।

লগতে পঢ়ক-ধেমাজিত অবৈধ সুৰা-ড্ৰাগছ সৰবৰাহকাৰীৰ বাহনলৈ আৰক্ষীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.