ETV Bharat / city

Assam police SP's conference : আৰক্ষী অধীক্ষকৰ সন্মিলনৰ প্ৰস্তুতিৰ বুজ ল’লে ডিজিপি ভাস্কৰজ্যোতি মহন্তই

author img

By

Published : Jan 2, 2022, 7:55 PM IST

Assam police SP's conference
Assam police SP's conference

দুলীয়াজানৰ জালনী ক্লাৱত সোমবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাজ্যৰ আৰক্ষী অধীক্ষক সকলৰ সন্মিলন (SP's conference in Jalani Club) । দেওবাৰে জালনী ক্লাৱত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (DGP Bhaskarjyoti Mahanta visits Dibrugarh )।

মৰাণ, 2 জানুৱাৰী : সোমবাৰৰ পৰা দুদিনীয়াকৈ দুলীয়াজানৰ জালনী ক্লাৱত অনুষ্ঠিত হ'ব ৰাজ্যৰ আৰক্ষী অধীক্ষক সকলৰ সন্মিলন (Assam police SP's conference in Dibrugarh) । সেই উপলক্ষে দেওবাৰে জালনী ক্লাৱত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত । সন্মিলনৰ উপলক্ষে সঞ্চালক প্ৰধান গৰাকীয়ে পৰিস্থিতিৰ বুজ লয় (DGP Bhaskarjyoti Mahanta visits Dibrugarh)। স্নিফাৰ ডগ আৰু মেটেল ডিটেকটৰৰ জৰিয়তে নিৰাপত্তা দিশটো তন্ন তন্নকৈ পৰীক্ষা কৰিছে জিলা প্ৰশাসনে ।

ইফালে এই সন্মিলনত ভাগ ল'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে হিমন্ত বিশ্বৰ মন্ত্ৰী সভাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীগৰাকী দেওবাৰে নিশালৈ উপস্থিত হোৱাৰ সম্ভাৱনা (CM Himanta biswa Sarma in Dibrugarh) । দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব ।

আৰক্ষী অধীক্ষকৰ সন্মিলনৰ প্ৰস্তুতিৰ বুজ ল’লে ডিজিপি ভাস্কৰজ্যোতি মহন্তই

উল্লেখ্য যে, আৰক্ষী বিভাগটো অধিক সক্ৰিয় তথা শক্তিশালী কৰাৰ উদ্দেশ্য চৰকাৰ গঠন কৰাৰ পাচতে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে কেতবোৰ ব্যতিক্ৰমী পদক্ষেপ ৷ আৰক্ষী অধীক্ষকৰ সন্মিলনো ইয়াৰে এটা অংশ ৷ আৰক্ষী অধীক্ষকসকলৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল যোৱা বছৰ জুন মাহত কাজিৰঙাত ৷ সোমবাৰৰ পৰা দুনিনীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব দ্বিতীয়খন সন্মিলন ৷ এই অনুষ্ঠানক সফল কৰাৰ উদ্দেশ্য ইতিমধ্যে নামি পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন ৷

লগতে পঢ়ক : CM to visit Sasoni Merbil Eco Tourism Park : মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মেৰবিলত প্ৰশাসনৰ তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.