ETV Bharat / city

লাহোৱালত বিহু নাচ-ঢোলবাদ্য কৰ্মশালা সমাপ্ত

author img

By

Published : Mar 30, 2021, 11:31 AM IST

লাহোৱালত আয়োজিত বিহু নাচ আৰু ঢোলবাদ্য কৰ্মশালাৰ সমাপ্ত
লাহোৱালত আয়োজিত বিহু নাচ আৰু ঢোলবাদ্য কৰ্মশালাৰ সমাপ্ত

লাহোৱালৰ মন বহাগী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু নাচ আৰু ঢোলবাদ্যৰ কৰ্মশালা সমাপ্ত ৷ বকুল মাজ গাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা কৰ্মশালাখনিত সোমবাৰে ৮০ গৰাকীকৈ প্ৰশিক্ষাৰ্থীক প্ৰদান কৰা হয় গছপুলি আৰু মানপত্ৰ ।

লাহোৱাল,30 মাৰ্চঃ নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যত প্ৰস্তুতি চলিছে ৰঙালীক আদৰাৰ ৷ ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বিহুৰ প্ৰস্তুতি । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তত বিহু কৰ্মশালাসমূহ আৰম্ভ হৈছে । লাহোৱালৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠান লাহোৱাল মন বহাগী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰম্ভ হোৱা বিহু নাচ আৰু ঢোলবাদ্যৰ কৰ্মশালাখনি আড়ম্বৰপূৰ্ণভাৱে সমাপ্ত হয় ।

লতাশিলৰ বিহু কুঁৱৰী নিবেদিতা বৰা আৰু বিহুৰাণী নিহাৰিকা শইকীয়াই এই বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ এই কৰ্মশালাত ঢোলবাদ্যৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে ঢোলৰ ওজা জিতু গগৈয়ে । লাহোৱালৰ বকুল মাজগাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা কৰ্মশালাখনিৰ সোমবাৰে সামৰণি পৰে ৷ অন্তিম দিনটোত ৮০ গৰাকীকৈ প্ৰশিক্ষাৰ্থীক একোটাকৈ গছপুলি আৰু মানপত্ৰ প্ৰদান কৰা হয় ।

বিহু নাচ-ঢোলবাদ্য কৰ্মশালা সমাপ্ত

অনুষ্ঠানটোত সমাজকৰ্মী দয়ানন্দ শ্বাহ, সাংবাদিক বিজন্ত গগৈ, যুৱনেতা দিব্যজিৎ দত্ত, নৱ জাগৃতি যুৱক সংঘৰ সম্পাদক কুশল কোঁৱৰ, শিক্ষক জিতু গগৈকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে । মন বহাগী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । অনুষ্ঠানত মন বহাগী বিহুৱা দলৰ কৰ্মকতাসকলে বিহুগীত পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানটি সূচাৰুৰূপে সম্পন্ন হোৱাত সহযোগ আগবঢ়ায় ।

লগতে পঢ়কঃ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত তিনিচুকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.