ETV Bharat / city

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 30, 2022, 11:01 AM IST

top-at-10-11-am
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

গান্ধী পৰিয়াল ম্যাদ উকলি যোৱা ঔষধ : হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গান্ধী পৰিয়ালৰ নেতৃত্বত অৱতীৰ্ণ হোৱা বিগত নিৰ্বাচনবোৰত দেখুওৱা শোচনীয় প্ৰদৰ্শনৰ পিছত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় (Himanta Biswa Sarma swipe at Congress) কংগ্ৰেছৰ ভাগ্য ৰবি ক্ৰমান্বয়ে মাৰ যাবলৈ ওলাইছে ।

BREAKING NEWS: জম্মু-কাশ্মীৰত প্ৰচণ্ড গুলীয়াগুলী

শুকুৰবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰত দুটাকৈ গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ এটা বাৰামুলাৰ পাট্টন অঞ্চলৰ য়েদিপোৰাত আৰু আনটো শ্বপিয়ান জিলাৰ চিত্ৰাগাম অঞ্চলত (Encounter starts at Yedipora) ৷

নগাঁও আৰক্ষীয়ে জব্দ কৰিলে গৰুভৰ্তি বাহন

নগাঁৱত গৰুভৰ্তি বাহন জব্দ ৷ চোৰাংভাৱে সৰবৰাহ কৰা 9 টা গৰু জব্দ কৰিছে নগাঁও আৰক্ষীয়ে (Cattle sized in Nagaon)৷

আমগুৰিত আবতৰীয়া দিপাৱলী: ছাত্ৰ একতা সভাৰ নিৰ্বাচনত উৰিল অসম ছাত্ৰ পৰিষদৰ বিজয় নিচান

আমগুৰি নগৰৰ মাজমজিয়াত শুনা গ'ল অসম ছাত্ৰ পৰিষদ জিন্দাবাদ ধ্বনি । আমগুৰি মহাবিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত কেইবাজনো প্ৰাৰ্থীয়ে জয়লাভ কৰাত উৎফুল্লিত হৈ পৰিছে পৰিষদৰ বিষয়ববীয়া তথা ছাত্ৰ-ছাত্ৰী(General Election of Student Unity Body) ।

মাণিকপুৰত ৰাজ্যিক পৰ্যায়ৰ পোষণ মাহৰ সামৰণি

শিশুৰ পুষ্টিহীনতা তথা গৰ্ভৱতী মহিলা আৰু কিশোৰীৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে এমাহ পূৰ্বে পোষণ অভিযান আৰম্ভ কৰা হৈছিল । বঙাইগাঁও জিলাৰ মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত এমাহ জোৰা কাৰ্যসূচীৰে উদযাপিত এই কাৰ্যসূচীৰ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰে (End of state level nutrition month at Manikpur) ।

বিটিআৰ সচিবালয়ৰ প্ৰৱেশদ্বাৰত এবছুৰ প্ৰতীক ব্যৱহাৰৰ বিৰোধীতা বিপিএফৰ

বিটিআৰ সচিবালয়ৰ নৱনিৰ্মিত মুখ্য প্ৰৱেশদ্বাৰৰ তোৰণত এবছুৰ প্ৰতীক (ABSU emblem used on BTR secretariat gate)৷ ইয়াকে লৈ সৰৱ বিৰোধী দল বিপিএফ ৷ চৰকাৰী অনুষ্ঠানৰ প্ৰৱেশদ্বাৰত ছাত্ৰ সংগঠনৰ প্ৰতীক ব্যৱহাৰৰ বিৰোধিতা ৷

যোৰহাটৰ ৰাজমাও পুখুৰীত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

যোৰহাটৰ ৰাজমৌ পুখুৰীত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ ৷ মৃতদেহটোৰ কাষতে পোৱা গৈছে চুইচাইড নোট ৷ মৃত লোকজন পুলিবৰৰ পৰ্বতীয়া গাঁৱৰ ধ্ৰুৱজ্যোতি পাঠক (৫১) বুলি চিনাক্ত কৰা হৈছে (Dead body rescued in Jorhat) ।

বিতৰ্কত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য আৰু সেই সময়ৰ পঞ্জীয়কে পূৱ মাজুলী মহাবিদ্যালয় কৰ্তৃপক্ষক বিভিন্ন ধৰণে প্ৰৱঞ্চনা কৰিলে (Majuli Cultural University controversy)। যাৰ বাবে সংবাদমেলযোগে আক্ষেপ কৰিছে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষই । সম্প্ৰতি দুয়োখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মাজত চলি থকা বিতৰ্কই বিশেষ চৰ্চা লাভ কৰিছে ।

ধেমাজিৰ কাছাৰী ময়দানত মিছিং জাতীয় সংগঠনৰ বিশাল সমাৰোহ

মিছিং জনগোষ্ঠীৰ যুৱক-যুৱতীক স্বনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে ধেমাজিৰ কাছাৰী ময়দানত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় এক বিশেষ অনুষ্ঠানৰ(Special Meeting of Mising Tribe) । বা=টাক অৰ্থাৎ গাঁও সমিতিৰ সমাৰোহ অনুষ্ঠিত কৰি বিভিন্ন বিষয়ত আলোচনা কৰে(Batank Samaroh in Dhemaji) ।

নলবাৰীৰ মুকালমুৱাত ভয়াৱহ পথ দুৰ্ঘটনা: আহত পাঁচগৰাকী লোক

বৃহস্পতিবাৰে নিশা নলবাৰীৰ মুকালমুৱাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Mukalmua) । দুৰ্ঘটনাটোত পাঁচগৰকাৰকী লোক আহত হয় ( 5 injured in Road accident) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.