মাণিকপুৰত ৰাজ্যিক পৰ্যায়ৰ পোষণ মাহৰ সামৰণি

author img

By

Published : Sep 30, 2022, 9:43 AM IST

End of state level nutrition month at Manikpur in Bongaigaon

শিশুৰ পুষ্টিহীনতা তথা গৰ্ভৱতী মহিলা আৰু কিশোৰীৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে এমাহ পূৰ্বে পোষণ অভিযান আৰম্ভ কৰা হৈছিল । বঙাইগাঁও জিলাৰ মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত এমাহ জোৰা কাৰ্যসূচীৰে উদযাপিত এই কাৰ্যসূচীৰ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰে (End of state level nutrition month at Manikpur) ।

বঙাইগাঁও, 30 ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে শিশুসকলৰ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে এমাহ জুৰি সমগ্ৰ দেশতে বিগত 1 ছেপ্তেম্বৰৰ পৰা হৈছিল ৰাষ্ট্ৰীয় পোষণ মাহ (National Nutrition Month) ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হয় ৷ সৱল নাৰী, সুস্থ ভাৰত আৰু সাক্ষৰ শিশু মূলতঃ এই তিনিটা বিষয়ৰ ওপৰত অগ্ৰাধিকাৰ দি বিগত 1 ছেপ্তেম্বৰৰ পৰা 30 ছেপ্তেম্বৰলৈ এই পোষণ মাহ পালন কৰা হয় (National Nutrition Month observed at Manikpur) ।

দেশৰ পৰা পুষ্টিহীনতা দূৰ কৰা, বাল্যবিবাহ বন্ধ কৰা, গৰ্ভৱতী মহিলাৰ সমস্যা সমূহ দূৰ কৰাৰ লগতে সমাজৰ বিভিন্ন সমস্যা তথা ব্যাধি আঁতৰ কৰাৰ কাৰণে এমাহ ধৰি বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ন অব্যাহত ৰাখি বৃহস্পতিবাৰে সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে এই পোষণ মাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় (End of state level nutrition month at Manikpur ) । পোষণ মাহৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মাণিকপুৰত শিশুৰ বিকাশ, নাৰী সবলীকৰণৰ উদ্দেশ্যেৰে আয়োজিত পোষণ মাহ উপলক্ষে পুষ্টিকৰ শাক পাচলি, থলুৱা খাদ্যৰ ওপৰত এখন প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাত মাণিকপুৰ ব্লকৰ অন্তৰ্গত মুঠ ৯ টা ছেক্টৰৰ অংগনাৱাদী কৰ্মী- সহায়িকাই অংশগ্ৰহণ কৰে (End of of Poshan Month at Manikpur) ।

মাণিকপুৰত ৰাজ্যিক পৰ্যায়ৰ পোষণ মাহৰ সামৰণি

ইয়াৰ পিছতে সৱল নাৰী, স্বাক্ষৰ শিশু আৰু সুস্থ ভাৰত আদি বিষয়ৰ ওপৰত এখন সভা অনুষ্ঠিত হয় । কাৰ্যবাহী বিষয়া প্ৰশান্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মাণিকপুৰ প্ৰাথমিক শিক্ষা বিষয়া মিজানুৰ ৰহমান, ক্ষেত্ৰ বিষয়া ইন্দ্ৰানী হাজৰিকা, মহিলা সবলীকৰণৰ জিলা সমন্বয়ক বৰষা ৰায়, মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ধীৰাজ কুমাৰ তালুকদাৰ আৰু মাণিকপুৰ ব্লকৰ সমন্বয়ক সিদ্ধাৰ্থ ৰায় উপস্থিত থাকি শিশুৰ বিকাশ, মহিলা সবলীকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে । অনুষ্ঠানটিত মাণিকপুৰ ব্লকৰ অন্তৰ্গত ২৭০ গৰাকী অংগনবাদী কৰ্মীৰ অধিকাংশ কৰ্মী-সহায়িকাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: পুষ্টিহীনতাৰ পৰা মুক্ত অসম গঢ়াৰ আহ্বান অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.