গান্ধী পৰিয়াল ম্যাদ উকলি যোৱা ঔষধ : হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Sep 30, 2022, 10:37 AM IST

himanta

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গান্ধী পৰিয়ালৰ নেতৃত্বত অৱতীৰ্ণ হোৱা বিগত নিৰ্বাচনবোৰত দেখুওৱা শোচনীয় প্ৰদৰ্শনৰ পিছত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় (Himanta Biswa Sarma swipe at Congress) কংগ্ৰেছৰ ভাগ্য ৰবি ক্ৰমান্বয়ে মাৰ যাবলৈ ওলাইছে ।

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত আঠ বছৰত গান্ধী পৰিয়ালৰ নেতৃত্বত অৱতীৰ্ণ হোৱা নিৰ্বাচনত দেখুওৱা শোচনীয় প্ৰদৰ্শনৰ পিছত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে (Himanta Biswa Sarma swipe at Congress) । গান্ধী পৰিয়ালৰ নেতৃত্বাধীন কংগ্ৰেছৰ ভাগ্য ৰবি ক্ৰমান্বয়ে মাৰ যাবলৈ ওলোৱা বুলি তীৰ্যক মন্তব্য কৰি কয়, "গান্ধী পৰিয়াল বৰ্তমান ম্যাদ উকলি যোৱা ঔষধ" (Gandhi family expired drugs)।

এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হিমন্ত বিশ্বই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ (BJP led NDA) পুনৰ ক্ষমতালৈ ঘূৰি আহিব ।

"কিন্তু বিৰোধী দলৰ নামত গান্ধী পৰিয়ালক দেখা নাপাব (Sonia Gandhi) । তেওঁলোক এতিয়া ম্যাদ উকলি যোৱা ঔষধ । তেওঁলোকে আনকি বিৰোধীৰ ভূমিকাও পালন কৰিব নোৱাৰে । কাৰণ তেওঁলোকে কেতিয়াও নাভাবে যে তেওঁলোক বিৰোধী... তেওঁলোক কেৱল ইয়াৰ বাবেই এক বিৰোধী দল (PM Narendra Modi) । তেওঁলোকৰ মনত এইটো আছে যে আমি শাসকীয় দল । তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত এইটো অনুভৱ কৰে যে নৰেন্দ্ৰ মোদীয়ে বলপূৰ্বকভাৱে প্ৰধানমন্ত্ৰীৰ আসনত আছে আৰু সেই আসনখন তেওঁলোকৰ । তেওঁলোক বিৰোধী নহয় । তেওঁলোকে যথেষ্ট খঙৰ ভাবনাৰে বিৰোধিতাত থাকে ।" (Assam CM Himanta Biswa Sarma) তেওঁ কয় ।

তেওঁ লগতে কয় যে আমোলাতন্ত্ৰৰ কিছু অংশৰ মাজত থকা এই ধাৰণাটো ধ্বংস কৰিব লাগে যে কংগ্ৰেছ হৈছে শাসনৰ প্ৰাকৃতিক দল । তেতিয়াহে সঠিক গণতন্ত্ৰ থাকিব । তেওঁ কংগ্ৰেছৰ ওপৰত অভিযোগ কৰে যে কংগ্ৰেছে শাসনত থাকোঁতে বিৰোধী চৰকাৰসমূহক বৰ্খাস্ত কৰিবলৈ অনুচ্ছেদ ৩৫৬ ৰ অপব্যৱহাৰ কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেই একদলীয় ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান জনাইছে । তেওঁ কংগ্ৰেছৰ আধিপত্যক প্ৰত্যাহ্বান জনাইছে ।

দুটা দশকতকৈও অধিক সময়ৰ পিছত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা হিমন্ত বিশ্ব শৰ্মাই কয়, "কংগ্ৰেছ নিশ্চিহ্ন হোৱাৰ পিছত এটা নতুন ৰাজনৈতিক দলৰ উদ্ভৱ হ'ব, যিয়ে নিৰ্দিষ্ট অৰ্থৰ সৈতে আহিব ।" তেওঁলোকহে হ'ব প্ৰকৃত বিৰোধী দল আৰু ভাৰতত তেতিয়াহে স্বাভাৱিক ক্ষমতাৰ খেল আৰম্ভ হ'ব ।

তেওঁ কয় যে এতিয়াও একদলীয় শাসন থাকিব পাৰে । কিন্তু এটা পৰিয়ালকেন্দ্ৰিক শাসন ব্যৱস্থা সৃষ্টি কৰা হৈছিল । "আপুনি সেই প্ৰতিষ্ঠানটো সৃষ্টি কৰিব বিচাৰে নেকি য'ত সমগ্ৰ ভাৰত ১০ জনপথৰ পৰা পৰিচালিত হয় । সেই প্ৰতিষ্ঠানটো কিন্তু আপুনি ঘূৰাই নাপাব ।" তেওঁ লগতে কয় ।

উল্লেখ্য, ২০১৪ চনৰ পিছত অনুষ্ঠিত দুটা লোকসভা নিৰ্বাচন (Lok Sabha election) আৰু বেছিভাগ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে দুৰ্বল প্ৰদৰ্শন কৰিছে । কেইবাজনো কংগ্ৰেছ নেতাই দল ত্যাগ কৰিছে । বৰ্তমান ৰাহুল গান্ধীৰ (Rahul Gandhi) নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra) আৰু আগন্তুক কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে ৰাজস্থানত ৰাজনৈতিক সংকটৰ সৈতে যুঁজি আছে (Congress presintial election)।

লগতে পঢ়ক :নতুন দিল্লীত চিন্তন বৈঠকত সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.