ETV Bharat / city

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Aug 21, 2022, 1:06 PM IST

TOP 10 AT 1PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

ৰাজপথতে বিজেপি নেতাৰ গালত পৰিল পত্নীৰ চেণ্ডেলৰ চৰ

বিবাহিত হৈও আন মহিলাৰ সৈতে পাৰ্কত হাতে লোটে ধৰা পৰিল বিজেপি নেতা (Married BJP leader extramarital affairs)। পত্নী আৰু পৰিয়ালৰ লোকে ৰাজপথতে প্ৰহাৰ কৰিলে বিজেপি নেতা আৰু মহিলাগৰাকীক । সামাজিক মাধ্যমত ভাইৰেল প্ৰহাৰৰ ভিডিঅ' (BJP leader caught with girl)।

পুটিনৰ মগজুখ্যাত আলেকজেণ্ডাৰ ডুগিনৰ কন্যা ডাৰিয়া ডুগিনৰ ৰহস্যজনক মৃত্যু

শনিবাৰে নিশা ৰাছিয়াৰ বোলছিয়ে ভায়াজিয়মি গাঁৱৰ ওচৰৰ এটা ঘাইপথত গাড়ী বিস্ফোৰণ হৈ মৃত্যু হয় বুলি বাতৰি প্ৰকাশ কৰাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে (Daughter of Alexander Dugin died)

মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুনৰ সৰৱ কৃষক মুক্তি সংগ্ৰ‍াম সমিতি

সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব (KMSS press conference) । দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰৰ কাৰ্যকালত জনসাধাৰণে এক সামাজিক আৰু অৰ্থনৈতিক সংকট আৰু গভীৰ অনিশ্চয়তাৰ সন্মুখীন হ’বলগীয়া হৈছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ জনগণৰ প্ৰতি অসংবেদনশীলতা আৰু দায়িত্বজ্ঞান হীনতাৰ বাবেই ৰাইজে মূল্যবৃদ্ধিৰ অভাৱনীয় বোজা বহন কৰিবলগীয়া হৈছে (KMSS criticizes Assam govt) ।

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ ৰাজ্য চৰকাৰৰ অগ্নিপৰীক্ষা

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৩০ হাজাৰ পদৰ বিপৰীতে ১৪ লাখৰো অধিক প্ৰাৰ্থী (Recruitment examination)। ৩-৪ লাখ পৰীক্ষাৰ্থীৰ পৰীক্ষা অনুষ্ঠিত কৰি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ছেবাৰ সমুখত এইবাৰ আছে প্ৰায় ১৪ লাখ পৰীক্ষার্থী। পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া ঠাইসমূহত পৰীক্ষাৰ সময়ছোৱাত বন্ধ থাকিব ইণ্টাৰনেট সেৱা । পৰীক্ষাত বেমেজালি কৰিলেই যাব লাগিব জে’ললৈ । পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ব্যাপক কঠোৰ ব্যৱস্থা ।

আছু আৰু সাহিত্য সভাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী

আছু আৰু সাহিত্য সভাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আছুৰ মতে চৰকাৰ চলিব লাগিলে মুখ্যমন্ত্ৰী শ্বহীদ ন্যাসত গৈ বহি থকা ভাল হ’ব বুলি মন্তব্য কৰে ড৹ শৰ্মাই ৷ সাহিত্য সভাৰ সভাপতি কুলধৰ শকীয়াই(Asom Sahitya Sabha President) নিজৰ পুত্ৰক ইংৰাজী মাধ্যমত পঢ়াইছে । তেওঁ কথা ক’লে আমি কিয় শুনিম বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

দুলীয়াজানত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা জব্দ কাৰ্টনে কাৰ্টনে সুৰাৰ বটল

দুলীয়াজানত দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ ভিতৰত ওলাল কাৰ্টনে কাৰ্টনে সুৰাৰ বটল । দুলীয়াজানৰ টিপলিং পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Duliajan) ।

মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰি ৰাজ্যত 25 গৰাকীৰ মৃত্যু

উত্তৰাখণ্ড, হিমাচল, ওড়িশা আৰু ঝাৰখণ্ডত বিগত কেবাদিনৰ পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Many dead as heavy monsoon rains wreak havoc)৷ হিমাচল প্ৰদেশৰ মাণ্ডি, কাংৰা ওণ্ড চম্বাত ভূমিস্খলন আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত শনিবাৰলৈ 25 জন লোকৰ মৃত্যু হয় ৷

কটকটীয়া নিৰাপত্তাৰ মাজেৰে মৰাণৰ দুটাকৈ কেন্দ্ৰত নিযুক্তি পৰীক্ষা আৰম্ভ

আজি সমগ্ৰ ৰাজ্যৰ ১২৫৮ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (Assam Direct Recruitment 2022)। ইতিমধ্যে কঠোৰ সতৰ্কতা বিধি অৱলম্বনেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে (Assam recruitment exam 2022)।

আফ্ৰিকাৰ 75 ফুট ওখ পৰ্বতত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিলে হিমাংশুৱে

গাজিয়াবাদৰ সেনা জোৱান হিমাংশুৱে পৃথিৱীৰ সৰ্বোচ্চ স্থায়ী পৰ্বত মাউণ্ট কিলিমাঞ্জাৰোত ৭৫ ফুট দীঘল ত্ৰিৰংগা উত্তোলন কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই আনে (75 feet tall tricolor hoisted on Mount Kilimanjaro)৷

অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ বাবে শোণিতপুৰত 144 ধাৰা

অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিয়োগৰ বাবে বিভিন্ন জিলাৰ লগতে শোণিতপুৰ জিলাৰো বিভিন্ন কেন্দ্ৰত আজি আৰু ২৮ আগষ্টত বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছে (Assam recruitment exam 2022) । পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ব্যাপক কঠোৰ ব্যৱস্থা অৱলম্বন কৰিছে ৰাজ্য চৰকাৰে (Strict measures for Assam recruitment exam) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.