ৰাজপথতে বিজেপি নেতাৰ গালত পৰিল পত্নীৰ চেণ্ডেলৰ চৰ

author img

By

Published : Aug 21, 2022, 11:39 AM IST

Married BJP leader extramarital affairs
ৰাজপথতে বিজেপি নেতাৰ গালত পৰিল পত্নীৰ চেণ্ডেলৰ চৰ ()

বিবাহিত হৈও আন মহিলাৰ সৈতে পাৰ্কত হাতে লোটে ধৰা পৰিল বিজেপি নেতা (Married BJP leader extramarital affairs)। পত্নী আৰু পৰিয়ালৰ লোকে ৰাজপথতে প্ৰহাৰ কৰিলে বিজেপি নেতা আৰু মহিলাগৰাকীক । সামাজিক মাধ্যমত ভাইৰেল প্ৰহাৰৰ ভিডিঅ' (BJP leader caught with girl)।

নেশ্যনেল ডেস্ক,২১ আগষ্ট : উত্তৰ প্ৰদেশৰ কাণপুৰত বিজেপি নেতাৰ বিলৈ । ৰাস্তাৰ মাজতে জোতা-চেণ্ডেলৰ কোব খালে নেতাজনে (BJP leader thrashed in Kanpur)। অবৈধ প্ৰেমৰ বাবেই পত্নী আৰু পৰিয়ালৰ সদস্যই প্ৰহাৰ কৰে বিজেপি নেতাজনক (Wife beat bjp leader) । বিজেপি নেতাজনে পাৰ্কত আন মহিলাৰ সৈতে প্ৰেমলীলা কৰি থাকোতেই হাতে লোটে ধৰিলে পত্নী আৰু ঘৰৰ মানুহে (BJP leader caught with girl)।

এই ঘটনা দক্ষিণ কাণপুৰৰ । লম্পট বিজেপি নেতাজন হৈছে মোহিত সোনকাৰ । ৬ বছৰ পূৰ্বে মোহিত মনি সোনকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু মোহিতে দীৰ্ঘদিন ধৰি পত্নী মনিক হাৰাশাস্তি কৰি থকাৰ অভিযোগ কৰিছে । প্ৰায়ে তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । মোহিতৰ আন মহিলাৰ সৈতে সম্পৰ্ক থকাৰো সন্দেহ হৈছিল পত্নীৰ ।

ৰাজপথতে বিজেপি নেতাৰ গালত পৰিল পত্নীৰ চেণ্ডেলৰ চৰ

কিন্তু আনন্দপুৰী পাৰ্কত আন মহিলাৰ সৈতে মোহিতক দেখি আচৰিত পত্নী আৰু তেওঁৰ পৰিয়াল । বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী বিন্দু গোৱেলৰ সৈতে নিশা পাৰ্কত একেলগে থকা অৱস্থাত হাতে-লোটে ধৰা পেলাই পত্নীয়ে ।

লগে লগে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । বিজেপি নেতা মোহিতক ক্ষোভিত পত্নী, শাহু আৰু শহুৰেকে চেণ্ডেল জোতাৰে প্ৰহাৰ কৰে (Wife beat BJP leader and his girlfriend with slippers)। কিন্তু মোহিতে শহুৰেকক আক্ৰমণ কৰাত অধিক উত্তেজিত হৈ পৰে পত্নী আৰু আন সদস্যসকল । ইফালে এই সমগ্ৰ দৃশ্যৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

লগতে পঢ়ক :আৰক্ষীৰ বাহনত আইইডি স্থাপনত জড়িত থকাৰ সন্দেহত আন এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.