আৰক্ষীৰ বাহনত আইইডি স্থাপনত জড়িত থকাৰ সন্দেহত আন এজনক গ্ৰেপ্তাৰ

author img

By

Published : Aug 20, 2022, 6:17 PM IST

Punjab

মহাৰাষ্ট্ৰৰ ATSৰ দলে শনিবাৰে ৰাজেন্দ্ৰ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে । পাঞ্জাৱ আৰক্ষী আৰু ATSৰ দলে আহমেদনগৰ জিলাৰ শিৰডী চহৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে লোকজনক (Man arrested from Shirdi for planting IED)। পাঞ্জাৱৰ উপ-পৰিদৰ্শক দিলবাগ সিঙৰ এছইউভিৰ তলত আইইডি লুকুৱাই থোৱা ঘটনাত জড়িত থকাৰ সন্দেহত লোকজনক গ্ৰেপ্তাৰ ।

নেশ্যনেল ডেস্ক, ২০ আগষ্ট : দেশত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে (Counter terrorism operations in India)। বহু স্থানত আৰক্ষী আৰু ATSৰ দলে শেহতীয়াকৈ অভিযান চলায় সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে কিছুদিন পূৰ্বে পাঞ্জাৱ আৰক্ষীৰ এজন বিষয়াৰ বাহনৰ তলত আইইডি স্থাপন কৰিছিল দুৰ্বৃত্তই (IED planted under Punjab police vehicle)। যি ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । বাহনৰ তলত আইইডি ৰখাৰ সময়ত সকলো দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত ।

সমগ্ৰ ঘটনাক লৈ আৰক্ষী আৰু ATSৰ দলে তদন্ত অব্যাহত ৰাখিছিল । অৱশেষত এই ঘটনাত জড়িত থকাৰ সন্দেহত শনিবাৰে মহাৰাষ্ট্ৰৰ ATSৰ দলে এজন লোকক গ্ৰেপ্তাৰ কৰে (Maharashtra ATS arrested a man)। এগৰাকী বিষয়াই জনোৱা মতে লোকজনক শিৰডীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ।

যুটীয়াভাৱে পাঞ্জাৱ আৰক্ষী আৰু ATSৰ দলে আহমেদনগৰ জিলাৰ শিৰডী চহৰত অভিযান চলাইছিল । অভিযানৰ অন্তত ৰাজেন্দ্ৰ নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Man arrested from Shirdi for planting IED)। ইতিমধ্যে অভিযুক্ত লোকজনক মহাৰাষ্ট্ৰৰ ATSৰ দলটোৱে পাঞ্জাৱ আৰক্ষীক গতাই দিয়ে ।

উল্লেখ্য যে এই ঘটনাটো ১৬ আগষ্টত সংঘটিত হৈছিল । অমৃতসৰৰ ৰঞ্জিত এভিনিউ এলেকাত উপ-পৰিদৰ্শক দিলবাগ সিঙৰ এছইউভিৰ তলত লুকুৱাই থোৱা অৱস্থাত আইইডি উদ্ধাৰ সন্দৰ্ভত দিল্লীৰ পৰা দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আনহাতে পাঞ্জাৱ আৰক্ষীয়ে ঘটনাত জড়িত সন্দেহজনক লোকসকলক আটক কৰিবলৈ বিভিন্ন ৰাজ্যলৈ অভিযানকাৰী দল প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ আদিবাসী গাঁৱৰ ৰবৰ খেতিৰ মাজত উদ্ধাৰ নৰ কংকাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.