ETV Bharat / bharat

মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰি ৰাজ্যত 25 গৰাকীৰ মৃত্যু

author img

By

Published : Aug 21, 2022, 9:24 AM IST

উত্তৰাখণ্ড, হিমাচল, ওড়িশা আৰু ঝাৰখণ্ডত বিগত কেবাদিনৰ পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Many dead as heavy monsoon rains wreak havoc)৷ হিমাচল প্ৰদেশৰ মাণ্ডি, কাংৰা ওণ্ড চম্বাত ভূমিস্খলন আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত শনিবাৰলৈ 25 জন লোকৰ মৃত্যু হয় ৷

25-dead-as-heavy-monsoon-rains-wreak-havoc-in-four-state
মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰি ৰাজ্যত 25 গৰাকীৰ মৃত্যু

নেশ্যনেল ডেস্ক, 21 আগষ্ট : ৰূষ্ট হৈছে প্ৰকৃতি ৷ প্ৰকৃতিৰ ৰোষত পৰিছে ভাৰতৰ কেবাখনো ৰাজ্য ৷ উত্তৰাখণ্ড, হিমাচল, উৰিষ্যা আৰু ঝাৰখণ্ডত বিগত কেবাদিনৰ পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Many dead as heavy monsoon rains wreak havoc) ৷ হিমাচল প্ৰদেশৰ মাণ্ডি, কাংৰা ওণ্ড চম্বাত ভূমিস্খলন আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত শনিবাৰলৈ 16 জন লোক নিহত হোৱাৰ বিপৰীতে আঠজন সন্ধানহীন হৈ আছিল (Natural disaster in Himachal)৷

শনিবাৰে ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশৰ কাংৰাৰ চকী দলং খন খহি পৰে, যাৰ ফলত পাঠানকোট আৰু যোগিন্দৰনগৰৰ মাজত ৰে’ল সেৱা ব্যাহত হয় (Himachal landslide updates)৷

ইফালে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত শনিবাৰে পুৱতি নিশা কেইবাটাও ডাৱৰ বিস্ফোৰণত চাৰিজন লোকৰ মৃত্যু হয়, আনহাতে নদীৰ সোঁতে দলং ভাঙি পেলোৱাৰ লগতে লোকসমূহৰ ঘৰৰ ভিতৰত বোকা বালিৰে পুতি পেলায় (Natural disaster in Uttarakhand) ৷ এতিয়ালৈ ৰাজ্যখনত ১০ জন লোক সন্ধানহীন হৈ আছে ৷ আনহাতে, উত্তৰাখণ্ডৰ পাউৰী জিলাত শেহতীয়া পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সকলো অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে ৷

ইয়াৰ সমান্তৰালকৈ ধৰাষাৰ বৰষুণৰ ফলত ওড়িশাত বানে আতংকিত কৰিছে লোকসকল ৷ এই ভয়াৱহ বানত চাৰিজন লোকৰ মৃত্যু হৈছে ইয়াৰ বিপৰীতে চুবুৰীয়া ৰাজ্য ঝাৰখণ্ডতো প্ৰাকৃতিক দুৰ্যোগত এজন লোকৰ মৃত্যু হৈছে ৷

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া তথ্য অনুসৰি দেওবাৰে পশ্চিম মধ্য প্ৰদেশ আৰু সোমবাৰে পূব ৰাজস্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইফালে শনিবাৰে পুৱাৰ পৰা ধাৰাষাৰ বৰষুণৰ বাবে জম্মু-কাশ্মীৰৰ ৰিয়াচি জিলাৰ ত্ৰিকুটা পাহাৰৰ ওপৰৰ বিখ্যাত মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যাত্ৰা (Mata Vaishno Devi shrine) স্থগিত ৰখা হৈছিল ৷ আনকি বতৰৰ প্ৰতি লক্ষ্য ৰাখি কেবাখনো ৰাজ্যত বিমান সেৱা স্থগিত ৰখা হৈছে ৷

উল্লেখ্য যে ত্ৰিকুট পাহাৰত ধাৰাসাৰ বৰষুণৰ পিছত শুকুৰবাৰে সন্ধিয়া তীৰ্থযাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হৈছিল ৷ সন্ধিয়া প্ৰায় ৬ বজাৰ পৰা প্ৰচণ্ড বৰষুণহোৱাৰ ফলত সামাজিক মাধ্যমত বৈষ্ণো দেৱী ট্ৰেকত বানপানীৰ দৰে পৰিস্থিতি হোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল ৷

আনহাতে ৰায়পুৰ অঞ্চলৰ চাৰখেত গাঁৱত পুৱতি নিশা ২.১৫ বজাত এটা ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছিল ৷ ততাতৈয়াকৈ ক্ষতিগ্ৰস্ত লোকসকলক স্থানীয় বিদ্যালয় আৰু পঞ্চায়ত ভৱনলৈ স্থানান্তৰ কৰা হৈছিল ৷

লগতে পঢ়ক: চকুৰ সন্মুখতে মুহূৰ্ততে খহি পৰিল দুমহলীয়া অট্টালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.