ETV Bharat / city

Assam Police continues its anti-drug operation: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান

author img

By

Published : Jun 24, 2022, 10:42 PM IST

assam Police against drugs at dhubri and Lahowal
ধুবুৰী আৰু লাহোৱালত আৰক্ষীৰ অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান

অসম আৰক্ষীয়ে প্ৰত্যেকদিনাই অভিযান চলাই থকাৰ পিছতো অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় (Assam Police against drugs) ৷ শেহতীয়াকৈ ধুবুৰী আৰু লাহোৱালত আৰক্ষীয়ে অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই এজন গাঞ্জা ব্যৱসায়ী আৰু এজন ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয় ৷

মৰাণ/ধুবুৰী, 24 জুন: অসম আৰক্ষীয়ে প্ৰত্যেক দিনাই অভিযান চলাই থকাৰ পিছতো অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় (Assam Police against drugs) ৷ নিতৌ কৌশল সলনি কৰি ড্ৰাগছ তথা গাঞ্জা ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে এই চোৰাং ব্যৱসায় ৷ শেহতীয়াকৈ ডিব্ৰুগড় লাহোৱালত আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ এজনক আটক কৰে (Ganja smuggler arrested by Lahowal Police) ৷

গোপন সূত্ৰৰ পম খেদি লাহোৱাল আৰক্ষীয়ে লাহোৱাল বজাৰৰ বেনুধৰ বৰুৱা নাম লোকজনৰ দোকানত অভিযান চলাই ৮.৫১ গ্ৰাম গাঞ্জা, তিনিটা চিলিম, এটা ড্ৰেনড্ৰাইট আৰু ২৬ টা গাঞ্জাৰ পুৰীয়া জব্দ কৰিবলৈ সক্ষম হয় (Ganja seized by Lahowal Police) । ইতিমধ্যে আৰক্ষীয়ে বেনুধৰ বৰুৱা নাম লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

ধুবুৰী আৰু লাহোৱালত আৰক্ষীৰ অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান

ইফালে, ৰাজ্যৰ আন এখন জিলা ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে এ এম কো ৰোড বজাৰ আৰক্ষী চকী এলেকাৰ বগুলামাৰী অঞ্চলত অভিযান চলাই ধুবুৰী আৰক্ষীয়ে ড্ৰাগছ (Drugs seized by Dhubri Police) আৰু নগদ ধনসহ এজন ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয় (Drug mafia arrested by Dhubri Police) ৷ এই অভিযানত ১০০ টা নিচাজাতীয় টেবলেট, ১৭০ টা খালি কণ্টেইনাৰ আৰু ১৫ হাজাৰ নগদ ধনসহ মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে । বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত কুখ্যাত ড্ৰাগছ মাফিয়া মহিবুল ইছলামক ।

লগতে পঢ়ক: শিমলুগুৰি ৰেল জংচনত ড্ৰাগছসহ জালত পৰিল এজন সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.