নাজিৰা, 24 জুন: ৰাজ্যত পুনৰ বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত অসম আৰক্ষী কঠোৰ হৈছে যদিও ড্ৰাগছ ব্যৱসায়ীয়ে ড্ৰাগছৰ সৰবৰাহত প্ৰয়োগ কৰিছে দৈনিক ন ন কৌশল ৷ শেহতীয়াকৈ শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰেল জংচনত পুনৰ ড্ৰাগছসহ আটক হ’ল এজন সৰবৰাহকাৰী ৷
শুকুৰবাৰে এক গোপন সূত্ৰৰ পম খেদি শিমলুগুৰি ৰে'ল জংচনত ৰে'ল সুৰক্ষা বাহিনীয়ে উজনিমুৱা লামডিং তিনিচুকীয়া যাত্ৰীবাহী ৰে’লত অভিযান চলাই ২৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে (Drugs seized at Simaluguri Junction) ৷ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৰে'ল সুৰক্ষা বাহিনীয়ে (Drugs peddler arrested by Railway Protection Force) ৷
জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় দুই কোটি বুলি ৰে'লৱে সুৰক্ষা বাহিনীয়ে জনায় ৷ ইফালে আটকাধীন যুৱকজনক অধিক তথ্যৰ বাবে নিজৰ জিম্মাত লৈ শিমলুগুৰি ৰে'ল আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: খটখটী আৰক্ষীৰ জালত প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছসহ পিতা-পুত্ৰ