ETV Bharat / business

ছেমছাঙে মুকলি কৰিব 5G স্মাৰ্টফোন মডেল 'Galaxy A42 5G'

author img

By

Published : Mar 8, 2021, 3:33 PM IST

ছেমছাঙে মুকলি কৰিব 5G স্মাৰ্টফোন মডেল 'Galaxy A42 5G'
ছেমছাঙে মুকলি কৰিব 5G স্মাৰ্টফোন মডেল 'Galaxy A42 5G'

ছেমছাঙে মুকলি কৰিব 'Galaxy A42 5G' স্মাৰ্টফোন । এতিয়ালৈকে ছেমছাঙে মুকলি কৰা স্মাৰ্টফোনবোৰৰ ভিতৰত 'Galaxy A42 5G'ৰ মূল্য আটাইতকৈ কম । এই স্মাৰ্টফোনটোত আছে 4-গিগাবাইট(GB)RAM আৰু 128GB আভ্যন্তৰীণ ষ্ট'ৰেজ ।

নিউজ ডেস্ক, ৮ মাৰ্চ: ছেমছাং ইলেক্ট্ৰ'নিক্সে সোমবাৰে ঘোষণা কৰিছে যে, দক্ষিণ কোৰিয়াত প্ৰভাৱশালী ব্যৱসায়িক স্থিতি সম্প্ৰসাৰণৰ উদ্দেশ্য তেওঁলোকে নতুন স্মাৰ্টফোন মুকলি কৰিব । এই 'Galaxy A42 5G' স্মাৰ্টফোনটো দক্ষিণ কোৰিয়াত বিক্ৰী হোৱা 5G স্মাৰ্টফোন মডেলসমূহৰ ভিতৰত আটাইতকৈ সস্তা হ'ব । য়নহপ সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, স্মাৰ্টফোনটোৰ মূল্য হ'ব ৪০০ ডলাৰ । বিগত বৰ্ষত ইউৰোপ আৰু দক্ষিণ-পূৱ এছিয়াৰ কেইখনমান বজাৰত 'Galaxy A42 5G' স্মাৰ্টফোন মুকলি কৰা হৈছিল ।

ছেমছাঙে মুকলি কৰিব 5G স্মাৰ্টফোন মডেল 'Galaxy A42 5G'
ছেমছাঙে মুকলি কৰিব 5G স্মাৰ্টফোন মডেল 'Galaxy A42 5G'

'Galaxy A42 5G' স্মাৰ্টফোনৰ বৈশিষ্টসমূহঃ

  1. 6.6 ইঞ্চিৰ ডিছপ্লেৰ সৈতে সজ্জিত স্মাৰ্টফোনটোত আছে ৰেয়াৰ কোৱাড কেমেৰা, 48MP মুখ্য কেমেৰা, 8MP আল্ট্ৰা ৱাইড লেন্স, 5MP গভীৰতাৰ চেন্সৰ আৰু 5MP মেক্ৰ' কেমেৰা ।
  2. স্মাৰ্টফোনটোত আছে 20MPৰ ছেলফি কেমেৰা ।
  3. এই স্মাৰ্টফোনটোত আছে 5,000mAhৰ বেটাৰী, 4-গিগাবাইট(GB)RAM আৰু 128GB আভ্যন্তৰীণ ষ্ট'ৰেজ আৰু ইয়াক মাইক্ৰ' এছ ডি কাৰ্ডৰ জৰিয়তে 1 টেৰাবাইটলৈকে সম্প্ৰসাৰিত কৰিব পৰা যাব ।

বজাৰ গৱেষক কাউণ্টাৰপইণ্ট গৱেষণাৰ মতে, ছেমছাঙে বিগত বৰ্ষত দক্ষিণ কোৰিয়াৰ স্মাৰ্টফোনৰ বজাৰ দখল কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল । সুলভ মূল্যৰ 5G স্মাৰ্টফোনৰ সৈতে বিশ্বজুৰি ছেমছাঙে শ্বেয়াৰ সম্প্ৰসাৰণৰ আশা প্ৰকাশ কৰিছে । কিয়নো ছেমছাঙৰ চীনা প্ৰতিদ্বন্দী হুৱাৱেই টেকনলজিজ কোম্পানীয়ে আমেৰিকাই আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে এই ক্ষেত্ৰত পিছ পৰি আছে ।

২০২০ চনত ছেমছাঙে বিশ্বব্যাপী স্মাৰ্টফোন বজাৰত আগস্থান দখল কৰিছিল । কিন্তু ইয়াৰ মাৰ্কেট শ্বেয়াৰ ২০ শতাংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস পাইছে, কিয়নো ইয়াৰ চালান ২৯৬.৮ নিযুত ইউনিটৰ পৰা ২৫৫.৭ নিযুত ইউনিটলৈ হ্ৰাস পাইছে । চলিত বৰ্ষত ছেমছাঙে 'Galaxy A'ৰ বহুকেইটা 5G মডেল মুকলি কৰিব বুলি আশা কৰা হৈছে, য'ত A32, A52 আৰু A72 অন্তৰ্ভুক্ত থাকিব ।

লগতে পঢ়ক:যোৰহাটত মনোনয়ন পত্ৰ দাখিল হিতেন্দ্ৰ নাথ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.