ETV Bharat / business

ডিচেম্বৰ মাহত 20 শতাংশলৈ বৃদ্ধি মাৰুতি চুজুকিৰ বিক্ৰী

author img

By

Published : Jan 1, 2021, 1:36 PM IST

ডিচেম্বৰত 20 শতাংশলৈ বৃদ্ধি পালে মাৰুতি চুজুকিৰ বিক্ৰী
ডিচেম্বৰত 20 শতাংশলৈ বৃদ্ধি পালে মাৰুতি চুজুকিৰ বিক্ৰী

ডিচেম্বৰ মাহত 1,60,226 ইউনিট বিক্ৰীৰে সৈতে মাৰুতী চুজুকিৰ বিক্ৰী 20.2 শতাংশলৈ বৃদ্ধি ৷ Alto আৰু S-Presso আদিৰ দৰে সৰু গাড়ীবোৰৰ বিক্ৰী 4.4 শতাংশলৈ বৃদ্ধি ৷ Swift, Celerio, Ignis, Baleno আৰু Dzire আদিৰ দৰে বাহন সমূহৰ বিক্ৰী 18.2 শতাংশ বৃদ্ধি ৷ 2019 বৰ্ষত 7,561 ইউনিট ৰপ্তানিৰ বিপৰীতে 2020 বৰ্ষত ৰপ্তানিৰ হাৰ 31.4 শতাংশলৈ বৃদ্ধি ৷

নেচনেল ডেস্ক, 1জানুৱাৰী: 2020 বৰ্ষৰ শেষৰটো মাহত 20 শতাংশ বৃদ্ধি পালে দেশৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা মাৰুতি চুজুকি ইণ্ডিয়াৰ বিক্ৰী ৷ শুকুৰবাৰে মাৰুতি চুজুকিয়ে এই কথা প্ৰকাশ কৰে ৷ জানিব পৰা মতে ডিচেম্বৰ মাহত 1,60,226 টা ইউনিটত মাৰুতি চুজুকি ইণ্ডিয়াৰ বিক্ৰী 20.2 শতাংশলৈ বৃদ্ধি পাইছে ৷

এক বিবৃতিযোগে মাৰুতি চুজুকি ইণ্ডিয়াই কয় যে 2019 বৰ্ষত কোম্পানীটোৱে 1,33,296 ইউনিট বিক্ৰি কৰিবলৈ সক্ষম হৈছিল ৷ বিবৃতিটোত উল্লেখ কৰা মতে 2020 বৰ্ষৰ শেষৰটো মাহত 1,46,480 ইউনিট ঘৰুৱা বিক্ৰীৰে সৈতে বিগত 2019 বৰ্ষৰ 1,24,375 ইউনিট বিক্ৰীৰ তুলনাত মুঠ বিক্ৰী 17.8 শতাংশলৈ বৃদ্ধি পাইছে ৷

বিগত বৰ্ষৰ একেটা মাহৰ হিচাপত এইবাৰ Alto আৰু S-Presso আদিৰ দৰে সৰু গাড়ীবোৰৰ বিক্ৰী 4.4 শতাংশলৈ বৃদ্ধি পাইছে ৷ ঠিক একেদৰে Swift, Celerio, Ignis, Baleno আৰু Dzire আদিৰ দৰে বাহন সমূহৰ বিক্ৰী 18.2 শতাংশ বৃদ্ধি পাইছে ৷ কোম্পানীটোৱে জানিবলৈ দিয়া মতে বিগত বৰ্ষত ডিচেম্বৰ মাহত 65,678 গাড়ী বিক্ৰী হোৱাৰ পৰিৱৰ্তে 2020 বৰ্ষত মুঠ 77,641 ইউনিট বিক্ৰী হয় ৷

Sedan Ciaz ৰ বিক্ৰী 2019 বৰ্ষৰ তুলনাত 2020 বৰ্ষত 28.9 শতাংশলৈ হ্ৰাস পোৱাৰ পৰিৱৰ্তে Vitara Brezza, S-Cross and Ertiga আদি গাড়ীৰ বিক্ৰী 8 শতাংশলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হয় ৷ কোম্পানীটোৱে লগতে এই কথাও উল্লেখ কৰে যে 2019 বৰ্ষত 7,561 ইউনিট ৰপ্তানিৰ বিপৰীতে 2020 বৰ্ষত ৰপ্তানিৰ হাৰ 31.4 শতাংশলৈ বৃদ্ধি পায় ৷

লগতে পঢ়ক:ভাৰতৰ দৃষ্টিভঙ্গী ৰক্ষণশীল আৰু সাধাৰণ হোৱা উচিত: প্ৰাক্তন বিদেশ সচিব শ্যাম সৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.