ETV Bharat / business

গেলেক্সী M12 ৰ বিশেষত্ব সমূহ

author img

By

Published : Mar 12, 2021, 2:04 PM IST

Features and specifications of Samsung Galaxy M12
গেলেক্সী M12 ৰ বিশেষত্ব সমূহ

ভাৰতৰ বজাৰৰ বাবে মুকলি চেমছাঙ M চিৰিজৰ দুটা নতুন স্মাৰ্টফোন ৷ 48 MP কুৱাদ কেমেৰা আৰু 90 Hz ৰিফ্ৰেচ ৰেট ডিচপ্লেৰ সৈতে পৃথক মূল্যত উপলব্ধ হ'ব চেমছাঙৰ M চিৰিজৰ নতুন ফোন গেলেক্সী M12 ৷

নিউজ ডেস্ক, 12 মাৰ্চ: 48 MP কুৱাদ কেমেৰা আৰু 90 Hz ৰিফ্ৰেচ ৰেট ডিচপ্লেৰ সৈতে চেমছাঙে M চিৰিজৰ এটা নতুন ফোন গেলেক্সী M12 ভাৰতীয় বজাৰত মুকলি কৰি দিছে ৷ চেমছাঙৰ এই নতুন ফোন দুটা পৃথক মূল্যত বজাৰত উপলব্ধ ৷ 4 GB RAM আৰু 64 GB ষ্টৰেজৰ সৈতে প্ৰথমটো প্ৰকাৰৰ ফোন 10,999 টকাত উপলব্ধ হোৱাৰ পৰিৱৰ্তে 6 GB RAM আৰু 128 GB ষ্টৰেজৰ দ্বিতীয়টো মডেল 13,499 টকাত উপলব্ধ ৷

এক বিবৃতি যোগে চেমছাঙ ইণ্ডিয়াৰ মবাইল মাৰ্কেটিঙ বিভাগৰ জ্যেষ্ঠ সঞ্চালক আদিত্য বব্বৰে কয় যে, 2019 মুকলি হোৱা গেলেক্সী M চিৰিজে ইতিমধ্যে দুবছৰত ভৰি দিছে আৰু নতুনকৈ মুকলি হোৱা এই M চিৰিজৰ ফোন সমূহ যুৱ প্ৰজন্মৰ চাহিদা পূৰণৰ বাবে তৈয়াৰ কৰি উলিওৱা হৈছে ৷

Features and specifications of Samsung Galaxy M12
পৃথক মূল্যত উপলব্ধ হ'ব চেমছাঙৰ M চিৰিজৰ নতুন ফোন গেলেক্সী m 12

Features and specifications of Samsung Galaxy M12:-

চেমছাঙ গেলেক্সী M12 ৰ বৈশিষ্ট সমূহ-

  • 20:9 এচপেক্ট ৰেচিঅ'ৰ সৈতে গেলেক্সী M 12 ত উপলব্ধ হ'ব 6.5 ইন্সিৰ HD আৰু TFT Infinity-V ডিচপ্লে ৷
  • Exynos 850 SoC ৰ দ্বাৰা চালিত এই স্মাৰ্টফোনটোত RAM 6 GB পৰ্যন্ত উপলব্ধ হোৱাৰ লগতে 128 GB পৰ্যন্ত আভ্যন্তৰীণ ষ্টৰেজৰ সুবিধা আছে ৷
  • Android-based One UI Core OS ত চলা এই স্মাৰ্টফোনটোত ডুৱেল চিম কাৰ্ড (নেন') ৰ সুবিধা আছে ৷
  • ফোনটোৰ পাছফালে থকা কুৱাড কেমেৰাত 48 MP প্ৰাইমেৰী চেন্সৰৰ লগতে f/2.0 এপাৰ্চাৰ, 5MP চেকেণ্ডেৰী আল্ট্ৰা ৱাইড চেন্সৰ, 2 MP মেক্ৰ চেন্সৰ আৰু 2 MP ডেপথ্ চেন্সৰ আছে ৷
  • এই স্মাৰ্টফোনটোত 8 MP চেল্ফী কেমেৰাৰ সুবিধা প্ৰদান কৰা হৈছে ৷
  • ফোনটোৰ বেটেৰী ক্ষমতা হ'ল 6,000 mAh
  • 4G LTE, Wi-Fi 802.11 b/g/n যোগাযোগ ব্যৱস্থাৰ লগতে ফোনটোত উপলব্ধ হৈছে 5.0 ব্লুটুথ, GPS/ A-GPS, USB Type-C আৰু 3.5 ৰ হেডফোন জেক ৷

লগতে পঢ়ক: ছেমছাঙে মুকলি কৰিব 5G স্মাৰ্টফোন মডেল 'Galaxy A42 5G'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.