ETV Bharat / briefs

নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত কুখ্যাত মাওবাদী

author img

By

Published : Dec 16, 2020, 10:46 PM IST

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত মাওবাদী
নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত মাওবাদী

ছত্তিশগড়ৰ চুকমা জিলাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত এগৰাকী নক্সালবাদী নিহত হয় । জিলা সংৰক্ষিত বাহিনী আৰু ২২৩ চিআৰপিএফৰ যুটীয়া অভিযানত নিহত হয় মাওবাদীটো ।

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : বুধবাৰে নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত এগৰাকী মাওবাদী নিহত হোৱা খবৰ আহি পৰিছে । ছত্তিশগড়ৰ চুকমা জিলাত সংঘৰ্ষৰ সূত্ৰপাত হোৱা বুলি স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ।

চুকমা জিলাৰ জাগাৰগুণ্ডা আৰক্ষী চকীৰ অন্তৰ্গত মিলিয়ামপল্লী-ৰাজপেন্টা হাবিত দিনৰ ভাগত সূত্ৰপাত হয় সংঘৰ্ষৰ । ছত্তিশগড় আৰক্ষীৰ বষ্টৰ ৰেঞ্জৰ মহাপৰিদৰ্শক পি সুন্দৰৰাজে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে এই তথ্য ।

সেই অনুসৰি, জিলা সংৰক্ষিত বাহিনী আৰু চিআৰপিএফৰ ২২৩ বেটালিয়নৰ এটা যুটীয়া দলৰ সৈতে মুখামুখি হয় মাওবাদীৰ এটা দল । বহুসময় ধৰি চলা সংঘৰ্ষৰ অন্তত এটা মাওবাদী নিহত হোৱাৰ তথ্য নিশ্চিত কৰে অভিযানকাৰী বাহিনীয়ে ।

নিহত মাওবাদীটোৰ পৰা এটা স্থানীয়ভাৱে নিৰ্মিত ইউবিজিএল (under-barrel grenade launcher) আৰু দুটা মাজল লোডিং ৰাইফলৰ লগতে বহুখিনি আপত্তিজনক তথ্য উদ্ধাৰ হয় । বাতৰি লিখাৰ পৰলৈ নিহত মাওবাদীটোৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.