ETV Bharat / briefs

বাঘজানকাণ্ডঃ আশ্ৰয় শিবিৰত সকলোধৰণৰ সাহাৰ্য নিশ্চিতকৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 12, 2020, 7:11 PM IST

Baghjan tragedy
Assam chief minister Sarbananda Sonowal meeting with the police officials held at janta bhawan regarding Baghjan tragedy

অগ্নিকাণ্ডৰ ফলত আশ্ৰয় শিবিৰত থকা লোকক আৰু অগ্নি নিৰ্বাপনৰ বাবে বৰ্তমানেও নিয়োজিত হৈ থকা অইল ইণ্ডিয়া আৰু অ' এন জি চিৰ লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ তিনিচুকীয়া জিলা প্ৰশাসনক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

গুৱাহাটী, ১২ জুনঃ বাঘজানৰ তৈলখাদত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডৰ ফলত সমীপৱৰ্তী অঞ্চলৰ সহস্ৰাধিক লোকে ইতিমধ্যে বিভিন্ন আশ্ৰয় শিবিৰত বসতি স্থাপন কৰিছে । এইসকল লোকক সাহাৰ্য প্ৰদান,খাদ্য যোগান,চিকিৎসা সেৱা আদি আগবঢ়োৱাত যাতে কোনোধৰণৰ গাফিলতি কৰা নহয় তাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Assam chief minister Sarbananda Sonowal   meeting with the police officials held at janta bhawan regarding Baghjan tragedy
বাঘজানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

শুকুৰবাৰে জনতা ভৱনত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত সমন্বিতে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বাঘজানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল । এই বৈঠকতে বাঘজানৰ শেহতীয়া ঘটনাৰ ফলত হোৱা ক্ষয় ক্ষতিৰ প্ৰকৃত হিচাপ উলিয়াবলৈও তিনিচুকীয়া জিলা প্ৰশাসনক নিৰ্দেশ দিয়া দিয়ে মুখ্যমন্ত্ৰীয়ে।

আনহাতে,ঘটনাস্থলীত অগ্নি নিৰ্বাপনৰ বাবে বৰ্তমানেও নিয়োজিত হৈ থকা অইল ইণ্ডিয়া আৰু অ' এন জি চিৰ লোকসকলকো সকলো ধৰণৰ সহায় আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইপিনে বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱ আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্য তদন্তৰ দায়িত্ব ন্যস্ত কৰা অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙে বাঘজানলৈ ৰাওনা হৈছে ।

লগতে চাওকঃ ১৭ বছৰেই পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলংঃ ৰাইজৰ দুৰ্ভোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.