ETV Bharat / state

১৭ বছৰেই পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলংঃ ৰাইজৰ দুৰ্ভোগ

author img

By

Published : Jun 12, 2020, 4:58 PM IST

বাক্সা জিলাৰ জালাহ ৰোডৰ মুছলপুৰ-কুমাৰীকাটা সংযোগী খৈৰাণীৰ পাগলাদিয়া নদীৰ ওপৰত বিটিচি শাসনৰ ১৭ টা বছৰেই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰে দলং নিৰ্মাণ কৰিবলৈ সক্ষম নহ'ল ৷ এই গুৰুতৰ অভিযোগ বিটিএডি ৰাইজৰ ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰৰ হেমাহি আৰু অৱহেলাৰ বাবেই প্ৰতি বছৰেই পাগলাদিয়া নদীৰ বাঢ়নী পানীৰ কবলত পৰি দুৰ্ভোগ ভূগিব লগা হয় ৰাইজে ৷

bridge has not been built on the Pagladia River for 17 years
১৭ বছৰেই পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলংঃৰাইজৰ দুৰ্ভোগ

বাক্সা,12 জুনঃ 1বছৰ 2বছৰ নহয়, সম্পূৰ্ণ 17টা বছৰ বিটিচিত শাসন কৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰে ৷ কিন্তু এই 17 টা বছৰত চৰকাৰখনে কিমান উন্নয়ন সাধন কৰিবলৈ সক্ষম হ'ল বিটিএডিত?প্ৰতি বছৰেই কেন্দ্ৰীয় চৰকাৰে বিটিএডিৰ উন্নয়নৰ বাবে কোটি কোটি টকা সাহাৰ্য দিয়ে ৷ কিন্তু সেই টকাৰ কিমান ব্যয় হয় বিটিএডিৰ উন্নয়নত ? মেলে-মিটিঙে উন্নয়নৰ ঢাক-ঢোল বজোৱা হাগ্ৰামা মহিলাৰীৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ পুনৰ পোহৰলৈ আহিল ৷

১৭ বছৰেই পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলংঃৰাইজৰ দুৰ্ভোগ

জানিব পৰা মতে,বাক্সা জিলাৰ জালাহ ৰোডৰ মুছলপুৰ-কুমাৰীকাটা সংযোগী খৈৰাণীৰ পাগলাদিয়া নদীৰ ওপৰত বিটিচি শাসনৰ ১৭টা বছৰেই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰে দলং নিৰ্মাণ কৰিবলৈ সক্ষম নহ'ল ৷ এই গুৰুতৰ অভিযোগ বিটিএডি ৰাইজৰ ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰৰ হেমাহি আৰু অৱহেলাৰ বাবেই প্ৰতি বছৰেই পাগলাদিয়া নদীৰ বাঢ়নী পানীৰ কবলত পৰি দুৰ্ভোগ ভুগিব লগা হয় ৰাইজে ৷ ইয়াৰ উপৰিও এজন বাইক আৰোহীয়ে নদী পাৰ হোৱাৰ বাবদ এবাৰতে 200 টকাকৈ দিব লগা হোৱাৰ বিপৰীতে চাইকেল আৰোহীয়ে দিব লগা হয় 20 টকাকৈ ৷ যাৰ ফলত দিন হাজিৰা কৰা অঞ্চলটোৰ ৰাইজে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ৷ যাৰ বাবে এতিয়া অঞ্চলটোৰ ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে শীঘ্ৰে পাগলাদিয়া নদীৰ ওপৰত দলং নিৰ্মাণ কৰিবলৈ দাবী জনায় ।

এতিয়া প্ৰশ্ন হয়,17 টা বছৰেই বিটিএডি উন্নয়নৰ নামত অহা কোটি কোটি টকা প্ৰকৃতাৰ্থত উন্নয়নৰ নামত ব্যয় হ'লনে ? হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচি শাসনৰ ১৭ টা বছৰত কিমান উন্নয়ন হ'ল বিটিএডিত ?

লগতে পঢ়কঃ ৰঙিয়াত ছাত্ৰনেতাই সাজি দিলে অসহায় বৃদ্ধাৰ গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.