ETV Bharat / bharat

গুজৰাটত হালধীয়া সতৰ্কতা জাৰি; বজ্ৰপাতত এদিনতে নিহত 14 জন

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 10:49 PM IST

Died due to Lightning in Unseasonal Rain
গুজৰাটত প্ৰকৃতিৰ ৰুস্ত ৰূপ

দেওবাৰে পুৱাৰে পৰা আটাইকেইখন জিলাতে বৰষুণ দি থকা পৰিলক্ষিত হৈছে ৷ আবতৰীয়া বৰষুণৰ মাজতে বজ্ৰপাতে প্ৰাণ কাঢ়িলে 14 জন নাগৰিকৰ ৷

নিউজ ডেস্ক, 26 নৱেম্বৰ : শীতকালৰ আৰম্ভণিতে গুজৰাটত বাৰিষাৰ দৰে বতৰ দেখা পোৱা গৈছে ৷ দেওবাৰে পুৱাৰে পৰা গুজৰাটৰ আটাইকেইখন জিলাতে বৰষুণ দি থকা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে এতিয়াও 27 নৱেম্বৰত সমগ্ৰ গুজৰাটত বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে ৷ কিন্তু এদিনতে আবতৰীয়া বৰষুণে গুজৰাটৰ 14 জন নাগৰিকৰ প্ৰাণ কাঢ়ি নিলে ৷

ৰাজ্যখনৰ এছইঅ’চি কেন্দ্ৰক ইটিভি ভাৰতে যোগাযোগ কৰাত এছইঅ’চি কণ্ট্ৰল ৰুমৰ কণ্ট্ৰ’ল ষ্টাফে ইটিভিক জনাইছে যে ৰাজ্যত বৰষুণৰ ফলত 14 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷ য’ত দহোদ জিলাত সৰ্বাধিক মৃত্যু হোৱাৰ বিপৰীতে আমৰেলী, সুৰেন্দ্ৰনগৰ, মেহছানা, বোটাদ, পঞ্চমহল, খেদা, সবৰকান্ত, আহমেদাবাদ আৰু চুৰাটত 1 জনকৈ লোকৰ মৃত্যু হৈছে ৷ ভাৰুচত জন লোকৰ মৃত্যু হৈছে ৷ প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে যে এই মৃত্যু হৈছে বজ্ৰপাতৰ বাবে ৷ আনহাতে বৰষুণৰ ফলত প্ৰায় 39 টা জীৱ-জন্তুৰ মৃত্যুৰ খবৰো পোৱা গৈছে ৷

গুজৰাটত জাৰি কৰা য়েল্ল সতৰ্কবাণী-

ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে 2023 চনৰ 26 নৱেম্বৰৰ পুৱা 8.30 বজাৰ পৰা 27 নৱেম্বৰৰ পুৱা 8.30 বজালৈ বজ্ৰপাতৰ বাবে য়েল্ল (হালধীয়া) সতৰ্কবাণী জাৰি কৰিছে ৷ একাংশ জিলাত বৰষুণৰ আশংকাও কৰা হৈছে ৷ ৰাজ্যখনৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি 27 নৱেম্বৰত গুজৰাটৰ দাদৰা নগৰ হাভেলীকে ধৰি সকলো জিলাতে স্বাভাৱিক বৰষুণ আৰু প্ৰচণ্ড বতাহৰ সম্ভাৱনা আছে ৷ দক্ষিণ গুজৰাট আৰু সৌৰাষ্ট্ৰৰ ভৱনগৰ-আমৰেলি জিলাতো 2023 চনৰ 28 নৱেম্বৰলৈকে বৰষুণৰ সম্ভাৱনা আছে ৷

43 খন তালুকত 1 ইঞ্চিতকৈ অধিক বৰষুণ-

ৰাজ্যখনৰ আন এটা কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ মুঠ 43 খন তালুকত 25 মিলিমিটাৰতকৈ অধিক বৰষুণ হয় ৷ 186 খন তালুকত 1 মিলিমিটাৰৰ পৰা 24 মিলিমিটাৰলৈকে বৰষুণ হোৱা বুলি জানিব পৰা গৈছে ৷ বৰষুণৰ ফলত শস্যৰ ক্ষতি হোৱাৰ সম্ভাৱনাও আছে ৷

লগতে পঢ়ক : মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ 15 বছৰ; শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.