ETV Bharat / bharat

মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ 15 বছৰ; শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 6:41 PM IST

মুম্বাইক জোকাৰি যোৱা ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণ দেশৰ ভিতৰতে অন্যতম মাৰাত্মক আক্ৰমণ। ২০০৮ চনৰ ২৬ নৱেম্বৰত ১০ টা পাকিস্তানী সন্ত্ৰাসবাদীয়ে সাগৰীয় পথেৰে আহি নিৰ্বিচাৰ গুলীচালনা কৰাত ১৮ জন নিৰাপত্তাৰক্ষীকে ধৰি ১৬৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱাৰ উপৰিও কোটি কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হয় ৷

15th anniversary of Mumbai terror attack
মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ 15 বছৰ

নিউজ ডেস্ক, 26 নৱেম্বৰ : মুম্বাইত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ 15 বছৰ উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছ, মুখ্যমন্ত্ৰী একনাথ সিন্ধে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে শ্বহীদ সেনা আৰু আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ দক্ষিণ মুম্বাইৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় চৌহদত শ্বহীদ স্মৃতিসৌধত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ এই উপলক্ষে মহাৰাষ্ট্ৰৰ মন্ত্ৰী মংগল প্ৰভাত লোধা, দীপক কেছাৰকাৰ, মহানগৰ আৰক্ষী অধীক্ষক বিবেক ফানছালকাৰকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে ৷

একনাথ সিন্ধেই এক্সৰ (টুইটাৰ) এটা পোষ্টত কয়, "26/11/2008 তাৰিখে মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা আৰক্ষী বিষয়া আৰু জোৱানসকলৰ স্মৃতিত মুম্বাই আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত চৌহদত স্থাপন কৰা আৰক্ষী স্মৃতিসৌধত মাল্যাৰ্পণেৰে চ্যেলুট তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ এই উপলক্ষে ৰাজ্যপাল ৰমেশ বাইছ, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ, মুম্বাইৰ অভিভাৱক মন্ত্ৰী দীপক কেছাৰকাৰ, মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ অভিভাৱক মন্ত্ৰী মংগলপ্ৰভাত লোধা, আৰক্ষী সঞ্চালক প্ৰধান ৰজনীশ শেঠ আৰু মুম্বাই আৰক্ষী আয়ুক্ত বিবেক ফানছালকাৰ উপস্থিত থাকে ৷"

উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে এক্সত এটা পোষ্টত কয়, "প্ৰাণ হেৰুওৱা সকললৈ শ্ৰদ্ধাঞ্জলি আৰু 26/11ৰ ট্ৰেজেডীৰ মাজত নিস্বাৰ্থভাৱে আমাক ৰক্ষা কৰা বীৰসকলক প্ৰণাম... আপোনালোকৰ ত্যাগ চিৰদিনৰ বাবে সন্মানিত হ'ব...৷"

2008 চনৰ 26 নৱেম্বৰত 10 টা পাকিস্তানী সন্ত্ৰাসবাদীয়ে সাগৰীয় পথেৰে আহি কৰা নিৰ্বিচাৰ গুলীচালনাত 18 জন নিৰাপত্তাৰক্ষীকে ধৰি 166 জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় ৷ লগতে এই আক্ৰমণত কোটি কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হয় ৷ এই আক্ৰমণত নিহত হোৱা লোকসকলৰ ভিতৰত তেতিয়াৰ সন্ত্ৰাসবাদ বিৰোধী দলৰ মুৰব্বী (ATS) হেমন্ত কাৰ্কাৰে, সেনা মেজৰ সন্দীপ উন্নীকৃষ্ণন, মুম্বাইৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অশোক কাম্টে আৰু জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক বিজয় চালাস্কাৰ অন্যতম ৷

2008 চনৰ 26 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণ 29 নৱেম্বৰলৈকে চলিছিল ৷ ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ, অবেৰয় ট্ৰাইডেণ্ট, তাজমহল পেলেচ এণ্ড টাৱাৰ, লিওপোল্ড কেফে, কামা হাস্পতাল, নৰিমান হাউচ জিউছ কমিউনিটি চেণ্টাৰ আদি কিছুমান স্থান আছিল য’ত সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছিল ৷ পিছত নিৰাপত্তাৰক্ষীয়ে 9 টা সন্ত্ৰাসবাদীক হত্যা কৰে ৷ আজমল কাছভ আছিল একমাত্ৰ সন্ত্ৰাসবাদী যি জীৱিত অৱস্থাত বন্দী হৈছিল ৷ ইয়াৰ চাৰি বছৰৰ পাছত 2012 চনৰ 21 নৱেম্বৰত ফাঁচী দিয়া হৈছিল সন্ত্ৰাসবাদীটোক ৷

লগতে পঢ়ক : সংযুক্ত কিষাণ মৰ্চাৰ ৩ দিনীয়া প্ৰতিবাদ; মোহালি-চণ্ডীগড় সীমান্তত কৃষকৰ একত্ৰিত হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.