ETV Bharat / bharat

সংযুক্ত কিষাণ মৰ্চাৰ ৩ দিনীয়া প্ৰতিবাদ; মোহালি-চণ্ডীগড় সীমান্তত কৃষকৰ একত্ৰিত হুংকাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 4:47 PM IST

Samyukta Kisan Morcha 3 day protest
সংযুক্ত কিষাণ মৰ্চাৰ ৩ দিনীয়া প্ৰতিবাদ

সংযুক্ত কিষাণ মৰ্চাৰ বেনাৰত পঞ্জাবৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে দেওবাৰে মোহালি-চণ্ডীগড় সীমান্তত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । ফচলৰ ন্যূনতম সমৰ্থন মূল্যৰ আইনী আশ্বাসৰ লগতে ২০২০-২১ বৰ্ষত তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা গোচৰসমূহ প্ৰত্যাহাৰৰ বাবে দেশজুৰি প্ৰতিবাদ ।

নিউজ ডেস্ক, ২৬ নৱেম্বৰ : দেওবাৰে ফচলৰ ন্যূনতম সমৰ্থন মূল্যৰ আইনী গেৰাণ্টি সুৰক্ষিত কৰিবলৈ তিনিদিনীয়া কাৰ্যসূচীৰে দেশজুৰি প্ৰতিবাদ আৰম্ভ হৈছে । পঞ্জাবৰ বিভিন্ন স্থানৰ কৃষকসকল ইয়াৰ বাবে মোহালি-চণ্ডীগড় সীমান্তত একত্ৰিত হয় ।

আনহাতে, প্ৰশাসনৰ সূত্ৰ মতে, সংযুক্ত কিষাণ মৰ্চাৰ (এছকেএম) বেনাৰত আয়োজিত এই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্ৰশাসনে জনোৱা মতে, কিছুমান পথত যান-বাহন চলাচল বন্ধ কৰি দিয়া হৈছে আৰু প্ৰতিবাদকাৰীক প্ৰতিবাদ প্ৰদৰ্শনৰ বাবে স্থান দিয়াৰ বাবে নতুন পথৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে কৃষকসকলে ২০২০-২১ বৰ্ষত বৰ্তমান বাতিল কৰা নতুন কৃষি আইন বাতিলৰ বাবে কৰা আন্দোলনৰ সময়ত তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা গোচৰসমূহ প্ৰত্যাহাৰৰ দাবী জনাই আহিছে । ইয়াৰ উপৰি তেওঁলোকক ক্ষতিপূৰণ প্ৰদান কৰা, কৃষকসকলৰ পৰিয়ালৰ যিকোনো এজন সদস্যৰ বাবে চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰা, ঋণ ৰেহাই আৰু পেঞ্চন প্ৰদানৰো দাবী উত্থাপন কৰিছে ।

উল্লেখ্য, সংযুক্ত কিষাণ মৰ্চা হৈছে বিভিন্ন কৃষক সংঘৰ এটা একত্ৰিত সংস্থা । আনহাতে, কৃষকসকলে ঘোষণা কৰিছে যে তেওঁলোকে পঞ্জাবৰ ৰাজ্যপালক তেওঁলোকৰ দাবী সম্পৰ্কীয় স্মাৰক-পত্ৰ দিবলৈ চণ্ডীগড়ৰ ৰাজভৱনলৈ যাত্ৰা কৰিব ।

দেওবাৰে লুধিয়ানা, ফিৰোজপুৰ আৰু চাংৰুৰকে ধৰি পঞ্জাবৰ বহু ঠাইৰ কৃষকসকলে মোহালিৰ ১১ নং পৰ্যায়ৰ মোহালি-চণ্ডীগড় সীমান্ত আৰু আইআইএছইআৰ চক পথত সমবেত হ'বলৈ আৰম্ভ কৰে ।

তিনিদিনীয়া প্ৰতিবাদৰ বাবে তেওঁলোকক ট্ৰেক্টৰ ট্ৰলীত ৰেচন, বিছনা, বাচন-বৰ্তন, ৰন্ধন গেছ আৰু চিলিণ্ডাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ কাৰ্গো লৈ অহা দেখা গৈছে । ভাৰতীয় কিষাণ ইউনিয়নৰ (লাখোৱাল) সাধাৰণ সম্পাদক হৰিন্দৰ সিং লাখোৱালে জনোৱা মতে, ইতিমধ্যে শ শ কৃষক প্ৰতিবাদস্থলীত উপস্থিত হৈছে আৰু বহুতে এতিয়াও ট্ৰেক্টৰেৰে আহি আছে ।

এগৰাকী প্ৰতিবাদী কৃষকে জনোৱা মতে, তেওঁ শনিবাৰে দুপৰীয়াৰ সময়ত ফিৰোজপুৰৰ তেওঁৰ গাঁৱৰ পৰা যাত্ৰা কৰি দেওবাৰে পুৱা প্ৰায় ২ বজাত মোহালি-চণ্ডীগড় সীমান্তত উপস্থিত হয় । পঞ্জাব আৰু চণ্ডীগড় আৰক্ষীয়ে মোহালি-চণ্ডীগড় সীমান্তৰ ওচৰত বেৰিকেড স্থাপন আৰু পানীহিলৈৰ ব্যৱস্থা কৰি নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে ।

চণ্ডীগড় আৰক্ষীয়ে যান-বাহন সম্পৰ্কীয় এক নিৰ্দেশনাত কৈছে যে ২৮ নৱেম্বৰলৈকে চলিবলগা আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি পূৰৱ মাৰ্গৰ ফৈদান বেৰিয়াৰৰ পৰা মোহালিৰ শ্বহীদ ভগত সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ফালে যোৱা পথসমূহ অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে ।

লগতে পঢ়ক :ৰাজপথতে প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰি পলায়ন যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.