ETV Bharat / bharat

Wrestlers Protest : প্ৰতিবাদী মল্লযোদ্ধাৰ সমৰ্থনত উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত মহাপঞ্চায়ত

author img

By

Published : Jun 1, 2023, 6:48 PM IST

Wrestlers Protest
Wrestlers Protest

উত্তৰ প্ৰদেশৰ সোৰাম গাঁৱত আৰম্ভ হৈছে 'মহাপঞ্চায়ত' । এই মহাপঞ্চায়তত মল্লযোদ্ধাসকলে চলাই থকা প্ৰতিবাদৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে (Mahapanchayat in UP supporting Wrestlers Protest) ।

নিউজ ডেস্ক, ১ জুন : দিল্লীৰ পৰা গৈ এইবাৰ উত্তৰ প্ৰদেশত বলিছে মল্লযোদ্ধাৰ প্ৰতিবাদৰ বতাহ । তাত যুগুত হ'ব প্ৰতিবাদী মল্লযোদ্ধাসকলৰ ন্যায় যুদ্ধৰ প্ৰতিবাদৰ পৰৱৰ্তী ৰণনীতি । উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ সোৰাম গাঁৱত মল্লযোদ্ধাসকলৰ এই প্ৰতিবাদৰ বিষয়টো আলোচনা কৰিবলৈ এখন 'মহাপঞ্চায়ত' আৰম্ভ হৈছে (Mahapanchayat in Uttar Pradeshs Muzaffarnagar) । অনুষ্ঠানত ভাষণ প্ৰদান কৰি কৃষক নেতা ৰাকেশ টিকায়েটে কয় যে খাপৰ এজন প্ৰতিনিধিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ কৰিব (Khap representative to meet Draupadi Murmu) ।

"খাপৰ এজন প্ৰতিনিধিয়ে ৰাষ্ট্ৰপতি আৰু চৰকাৰক সাক্ষাৎ কৰিব । খাপ আৰু এই যুৱতীসকল (মল্লযোদ্ধা) পৰাজিত হ'ব নোৱাৰে ।" মল্লযোদ্ধাসকলৰ প্ৰতিবাদত ৰাকেশ টিকায়েটে কয় (Mahapanchayat in UP supporting Wrestlers Protest) ।

উল্লেখ্য, অলিম্পিয়ান বজৰং পুনিয়া (Olympians Bajrang Punia), সাক্ষী মালিক আৰু বিনেশ ফোগাটকে ধৰি শীৰ্ষ কুস্তিবিদসকলে মহিলা মল্লযুঁজাৰুসকলৰ যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ভাৰতীয় কুস্তি ফেডাৰেচনৰ (WFI chief Brij Bhushan Sharan Singh) মুৰব্বী তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে ।

মহাপঞ্চায়তখন কৃষক নেতা তথা বালিয়ান খাপৰ মুৰব্বী নৰেশ টিকায়েটে আহ্বান জনাইছে । ইয়াৰ পূৰ্বে মল্লযোদ্ধাসকলে মঙলবাৰে হৰিদ্বাৰত গংগা নদীত তেওঁলোকৰ বিশ্ব আৰু অলিম্পিকৰ পদক বিসৰ্জন দিয়াৰ সিদ্ধান্ত লৈছিল । কিন্তু নৰেশ টিকায়েটৰ হস্তক্ষেপৰ পিছত তেওঁলোকে এই পদক্ষেপৰ পৰা বিৰত থাকে । মহাপঞ্চায়তখনত উত্তৰ প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু দিল্লীৰ খাপ নেতাসকলে অংশগ্ৰহণ কৰিছে (sexual harassment accused Brij Bhushan) ।

আনহাতে, ভাৰতীয় কিষাণ ইউনিয়নৰ (Bharatiya Kisan Union) এগৰাকী নেতাই কয় যে বৈঠকৰ শেষত মহাপঞ্চায়তে এক প্ৰস্তাৱ গৃহীত কৰিব । ভাৰতীয় কিষাণ ইউনিয়নৰ নেতাগৰাকীৰ মতে, সকলো ৰাজ্যৰ খাপ নেতাই বিষয়টোত তেওঁলোকৰ মতামত প্ৰকাশ কৰাৰ পিছত বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত এই প্ৰস্তাৱ গৃহীত হ'ব ।

উল্লেখ্য যে দেওবাৰে প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলক ৰাষ্ট্ৰীয় ৰাজধানীৰ যন্তৰ-মন্তৰৰ পৰা আঁতৰাই পঠোৱা হয় । দীৰ্ঘদিন ধৰি তেওঁলোকে তাত প্ৰতিবাদ কৰি আছিল । দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক আটক কৰি যদিও পিছত তেওঁলোকক মুকলি কৰি দিয়া হয় । ইফালে বজৰং পুনিয়া আৰু সাক্ষী মালিকে কয় যে এই ঘটনাৰ পিছতো তেওঁলোকে ন্যায় নোপোৱালৈকে তেওঁলোকৰ যুঁজ অব্যাহত ৰাখিব ।

ইফালে বুধবাৰে উত্তৰ প্ৰদেশৰ বাৰাবাঁকীত এক ৰাজহুৱা সমদলত ব্ৰীজ ভূষণ সিঙে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদক 'আৱেগিক নাটক' বুলি অভিহিত কৰে । তেওঁ এইটোও কয় যে যদি তেওঁৰ বিৰুদ্ধে এটা অভিযোগো প্ৰমাণিত হয় তেন্তে তেওঁ নিজকে ফাঁচি দিব । আনহাতে, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে মল্লযোদ্ধাসকলক ধৈৰ্য ধৰিবলৈ আৰু ক্ৰীড়া ক্ষেত্ৰক দুৰ্বল কৰিব পৰা কোনো পদক্ষেপ নল'বলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :Wrestlers Case : মল্লযোদ্ধাৰ গেচৰত দিল্লী আৰক্ষীৰ লুটি বাগৰ; মচি পেলালে টুইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.