ETV Bharat / bharat

Wrestlers Protest Row : অভিযোগকাৰী মল্লযোদ্ধাক লৈ ব্ৰীজ ভূষণৰ বাসগৃহত উপস্থিত দিল্লী আৰক্ষী

author img

By

Published : Jun 9, 2023, 5:12 PM IST

Wrestlers Protest Row
Wrestlers Protest Row

ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা মহিলা মল্লযোদ্ধাগৰাকী শুকুৰবাৰে আৰক্ষীৰ সুৰক্ষাত তেওঁৰ বাসগৃহত উপস্থিত হয় । অৱশ্যে আন কাকো তেওঁৰ বাসগৃহত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল (Delhi police reached Brij Bhushan residence) ।

নিউজ ডেস্ক, ৯ জুন : বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে চলি থকা যৌন নিৰ্যাতনৰ গোচৰৰ তদন্তই এক নতুন মোৰ লৈছে (sexual harassment allegation against Brij Bhushan) । ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা এগৰাকী মহিলা মল্লযোদ্ধা আৰক্ষীৰ সৈতে তেওঁৰ বাসগৃহত উপস্থিত হৈছে । জানিব পৰা মতে, আৰক্ষীয়ে অপৰাধৰ ঘটনাটোৰ অনুসন্ধানৰ বাবে অভিযোগকাৰীক ঘটনাস্থলীলৈ লৈ গৈছে (Delhi police probe wrestlers allegation case) । উল্লেখ্য, মল্লযোদ্ধাগৰাকীয়ে অভিযোগ কৰিছিল যে উক্ত চৰকাৰী বাসগৃহতে তেওঁক ব্ৰীজ ভূষণে আতিশয্য চলাইছিল ।

উল্লেখ্য, এগৰাকী মহিলা মল্লযোদ্ধাই অভিযোগ কৰিছিল যে সাংসদজনে তেওঁৰ বাসগৃহত তেওঁক উৎপীড়ন কৰিছিল । এই সময়ছোৱাত গোচৰটো সন্দৰ্ভত জেৰাও কৰা হ'ব । লগতে আৰক্ষীয়ে ভুক্তভোগী মহিলা মল্লযোদ্ধাগৰাকীৰ বক্তব্যৰ সৈতে ঘটনাটো মিলাই চাব বিচাৰিব । বৰ্তমান ব্ৰীজ ভূষণ শৰণ সিঙৰ বাসগৃহৰ বাহিৰত সংবাদ মাধ্যমৰ লোক সমবেত হৈছে যদিও কোনো ব্যক্তি বা সংবাদ মাধ্যমৰ কৰ্মীক ভিতৰলৈ প্ৰৱেশ কৰিব দিয়া হোৱা নাই (Delhi police reached Brij Bhushan residence) ।

ইয়াৰ পূৰ্বে ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰক সাক্ষাৎ কৰাৰ পিছত মল্লযোদ্ধাসকলে তেওঁলোকৰ আন্দোলন ১৫ জুনলৈ পিছুৱাই দিছে । লগতে দিল্লী আৰক্ষীয়েও তদন্তৰ গতি তীব্ৰতৰ কৰি তুলিছে (Wrestlers Protest Row) । দিল্লী আৰক্ষীয়ে এই গোচৰটোৰ প্ৰতিবেদন ১৫ জুনৰ ভিতৰত আদালতত দাখিল কৰিব লাগিব । আৰক্ষীয়ে এই ক্ষেত্ৰত অভিযোগনামা দাখিল কৰিব নে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব সেয়াও সিদ্ধান্ত লোৱা হোৱা নাই ।

উল্লেখ্য যে ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে ভুক্তভোগী মহিলা মল্লযোদ্ধাসকলক সাক্ষাৎ কৰাৰ পিছত ১৫ জুনলৈকে তেওঁলোকৰ আন্দোলন স্থগিত ৰাখিবলৈ আহ্বান জনাইছিল (WFI president sexual harassment case) । তেওঁ লগতে আশ্বাস দিয়ে যে আৰক্ষীয়ে ১৫ জুনৰ ভিতৰত আদালতত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব । তাৰ পিছত মহিলা খেলুৱৈসকলে তেওঁলোকৰ আন্দোলন ১৫ জুনলৈকে স্থগিত ৰখাৰ কথা ঘোষণা কৰে ।

ইফালে দিল্লী আৰক্ষীয়ে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰি কয় যে মল্লযোদ্ধা বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফোগাটে ক্লিপটোত আপত্তিজনক শ্লোগান দিয়া দেখা পোৱা নাই । সেয়েহে আবেদনখন নাকচ কৰিব লাগে । ইয়াৰ পূৰ্বে অভিযোগকাৰী মহাৰাজ নহোটিয়াই আদালতত এটা ক্লিপ দাখিল কৰি অভিযোগ কৰিছিল যে মল্লযোদ্ধাকেইজনে প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আপত্তিজনক শ্লোগান দিছিল ।

লগতে পঢ়ক :Wrestler Protest : মল্লযুঁজাৰুসকলে প্ৰতিবাদৰ সময়ত দিয়া নাছিল ঘৃণামূলক ভাষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.