ETV Bharat / bharat

Wrestlers protest: অজ্ঞাত স্থানলৈ বাছেৰে স্থানান্তৰ প্ৰতিবাদী মল্লযুঁজাৰুসকলক

author img

By

Published : May 28, 2023, 7:57 PM IST

দেওবাৰে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি থকা মল্লযুঁজাৰুসকলে আৰক্ষীৰ বেৰিকেড ভাঙি নতুন সংসদ ভৱনৰ দিশে প্ৰতিবাদী সমদল উলিওৱাৰ সময়তে দিল্লী আৰক্ষীয়ে আটক কৰে (Police detained wrestlers in Delhi) । ইয়াৰ পিচত যন্তৰ-মন্তৰত 144 ধাৰা জাৰি কৰিছে (144 imposed at jantar Mantar) ৷

144 imposed at jantar Mantar
অজ্ঞাত স্থানলৈ বাছেৰে স্থানান্তৰ মল্লযুঁজাৰুসকলক

নিউজ ডেস্ক, 28 মে’ : আজি এফালে দেশবাসীৰ বাবে মুকলি কৰা হৈছে নতুন সংসদ ভৱন, আনফালে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি থকা মল্লযুঁজাৰুসকলে আৰক্ষীৰ বেৰিকেড ভাঙি নতুন সংসদ ভৱনৰ দিশে প্ৰতিবাদী সমদল উলিওৱাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইয়াৰ পিচতে দিল্লী আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ হেতুকে পদযাত্ৰাৰ পৰাই আটক কৰে মল্লযুঁজাৰুসকলক (Police detained wrestlers in Delhi) । দিল্লী আৰক্ষীয়ে সকলো মল্লযুঁজাৰুক আটক কৰি বসন্ত কুঞ্জ আৰক্ষী থানালৈ লৈ যায় (Wrestlers march towards New parliament house)।

ইতিমধ্যে দিল্লী আৰক্ষীয়ে যন্তৰ-মন্তৰত 144 ধাৰা জাৰি কৰিছে (144 imposed at jantar Mantar) ৷ ইয়াৰ পিচত এতিয়া মল্লযুঁজাৰুসকলে যন্তৰ-মন্তৰত পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰিব ৷ আৰক্ষীয়ে প্ৰতিবাদস্থলী খালী কৰা আৰম্ভ কৰিছে।

যন্তৰ-মন্তৰৰ পৰা দিল্লী আৰক্ষীয়ে আটক কৰাৰ পিচত বজৰং পুনিয়াই টুইটযোগে উল্লেখ কৰে যে, চৰকাৰে তেওঁলোকৰ দেশৰ চেম্পিয়নসকলৰ লগত এনেদৰে ব্যৱহাৰ কৰে নেকি? আমি কি অপৰাধ কৰিছো ?

আনহাতে, মল্লযোদ্ধা সাক্ষী মালিকে টুইট কৰি উল্লেখ কৰে যে, যৌন শোষণকাৰী গুণ্ডা ব্ৰীজ ভূষণ আজি সংসদত বহি আছে আৰু আমাক ৰাজপথত চোঁচৰাই লৈ যোৱা হৈছে ৷ আমি কি অপৰাধ কৰিছো ?

ইতিমধ্যে আৰক্ষীয়ে সাক্ষী মালিক, বিনেশ ফোগাট, বজৰং পুনিয়াকে ধৰি সকলো মল্লযুঁজাৰুক আৰক্ষীয়ে জিম্মাত লৈছে ৷ তেওঁলোকক বাছেৰে অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছে জানিব পৰা গৈছে ৷ তেওঁলোকক ক'লৈ লৈ যোৱা হ'ব সেয়া এতিয়াও জনা হোৱা নাই। মল্লযুঁজাৰুসকলে উল্লেখ কৰিছিল যে এটা গণতন্ত্ৰৰ হত্যা ৷ মহিলাসকলে মহাপঞ্চায়তখন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিব বিচাৰিছিল আৰু আৰক্ষীয়ে আমাক অনুমতি দিয়া নাছিল। প্ৰতিবাদকাৰীসকলক বলপূৰ্বক আটক কৰা হৈছে ।

উল্লেখ্য যে, নতুন সংসদ ভৱনৰ উদ্বোধনৰ বাবে ৰাজধানী চহৰখনত ৰাতিপুৱাৰ পৰা বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল। আৰক্ষীয়ে মল্লযুঁজাৰুসকলক মহিলা মহাপঞ্চায়ত অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা নাছিল। দিল্লীৰ যুটীয়া আৰক্ষী আয়ুক্ত দীপেন্দ্ৰ পাঠকে কয় যে, আজি দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত। দেশখনে এখন নতুন সংসদ লাভ কৰিছে । মল্লযুঁজাৰুসকলো দেশৰ গৌৰৱ ৷ আমি ইতিমধ্যে তেওঁলোকক কোনো ধৰণৰ কাৰ্যকলাপত লিপ্ত নহ'বলৈ অনুৰোধ জনাইছিলো ৷ য'ত সুৰক্ষা ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰা সম্ভাৱনা আছে ৷ যাৰ ফলত আৰক্ষীয়ে সমস্যাৰ সন্মুখীন হ'ব লগীয়া হ’ব । ইয়াৰ বাবে, আমি মল্লযুঁজাৰুসকলৰ বাবে পৰামৰ্শ জাৰি কৰিছিলো।

লগতে পঢ়ক: Wrestlers Protest : নতুন সংসদ ভৱনৰ সন্মুখত মহিলা মহাপঞ্চায়তৰ পৰিকল্পনা; আটক প্ৰতিবাদী মল্লযুঁজাৰু

দিল্লীৰ যন্তৰ-মন্তৰত আৰম্ভ হোৱা এই প্ৰতিবাদে আজি ৩৫ দিনত ভৰি দিছে । ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি দেশৰ একাংশ তাৰকা মল্লযুঁজাৰুৱে প্ৰতিবাদ অব্যাহত ৰাখিছে (Wrestlers protest in Delhi)। যৌন নিৰ্যাতনৰ বিৰুদ্ধে সভাপতিগৰাকীৰ বিৰুদ্ধে এই প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও মল্লযুঁজাৰুসকলৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । বিজেপিৰ সাংসদ হোৱা বাবে ব্ৰীজ ভূষণৰ বিৰুদ্ধে চৰকাৰে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.