ETV Bharat / bharat

Wrestlers Protest : নতুন সংসদ ভৱনৰ সন্মুখত মহিলা মহাপঞ্চায়তৰ পৰিকল্পনা; আটক প্ৰতিবাদী মল্লযুঁজাৰু

author img

By

Published : May 28, 2023, 3:47 PM IST

যন্তৰ মন্তৰত প্ৰতিবাদ কৰি থকা একাংশ মল্লযুঁজাৰুক আটক (Wrestlers in Police custody)। প্ৰতিবাদকাৰীসকলে নতুন সংসদ ভৱনৰ সন্মুখত মহিলা মহাপঞ্চায়ত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছিল । আৰক্ষীৰ বাধা নেওচি সংসদ ভৱন অভিমুখে প্ৰতিবাদী সমদল উলিয়াইছিল প্ৰতিবাদকাৰীয়ে ।

Wrestlers Protest
নতুন সংসদ ভৱনৰ সন্মুখত মহিলা মহাপঞ্চায়তৰ পৰিকল্পনা

আটক প্ৰতিবাদকাৰী মল্লযুঁজাৰু

নেশ্যনেল ডেস্ক,২৮ মে': দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি থকা একাংশ মল্লযুঁজাৰুক আটক কৰিছে আৰক্ষীয়ে (Police detained wrestlers in Delhi)। আৰক্ষীৰ বেৰিকেড ভাঙি নতুন সংসদ ভৱনৰ দিশে প্ৰতিবাদী সমদল উলিওৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে মল্লযুঁজাৰুসকলক । জানিব পৰা মতে সাক্ষী মালিক, সংগীতা ফোগাট আৰু বজৰং পুনিয়াকে ধৰি কেইবাগৰাকী মল্লযুঁজাৰুক আৰক্ষীয়ে আটক কৰিছে ।

উল্লেখ্য যে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি দেশৰ একাংশ তাৰকা মল্লযুঁজাৰুৱে প্ৰতিবাদ অব্যাহত ৰাখিছে (Wrestlers protest in Delhi)। যৌন নিৰ্যাতনৰ বিৰুদ্ধে সভাপতিগৰাকীৰ বিৰুদ্ধে এই প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও মল্লযুঁজাৰুসকলৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । বিজেপিৰ সাংসদ হোৱা বাবে ব্ৰীজ ভূষণৰ বিৰুদ্ধে চৰকাৰে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ কৰিছে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে ।

দিল্লীৰ যন্তৰ-মন্তৰত এই প্ৰতিবাদে ৩৫ দিনত ভৰি দিছে । ইয়াৰ মাজতে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে । লগে লগে প্ৰতিবাদকাৰীসকলে নতুন সংসদ ভৱনৰ সন্মুখত এখন মহিলা মহাপঞ্চায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰে । অৱশ্যে, মহাপঞ্চায়ত অনুষ্ঠিত কৰিবলৈ আৰক্ষীয়ে অনুমতি নিদিয়ে প্ৰতিবাদকাৰীসকলক । যাৰ বাবে তেওঁলোকে নতুন সংসদ ভৱন অভিমুখে প্ৰতিবাদী সমদল উলিয়াবলৈ চেষ্টা কৰে (Wrestlers march towards New parliament house)।

যন্তৰ-মন্তৰলৈ যোৱা সকলো পথ আৰক্ষীয়ে বন্ধ কৰা স্বত্বেও বহু সংখ্যক লোকে মল্লযুঁজাৰুসকলৰ সমৰ্থনত আগবাঢ়ি আহে । হাৰিয়ানা, উত্তৰ প্ৰদেশ, পঞ্জাৱৰ দৰে ৰাজ্যৰ কৃষকসকলেও মল্লযুঁজাৰুসকলক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে । কিন্তু প্ৰতিবাদী সমদলটোক আৰক্ষীয়ে বাধা দিয়ে । আৰক্ষীয়ে কেইবাগৰাকী মল্লযুঁজাৰুক আটকো কৰে । একে সময়তে, বহু সমৰ্থকে যন্তৰ মন্তৰলৈ যোৱা পথবোৰত উপস্থিত হৈছে আৰু আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰিছে । ইয়াৰ পাচত, প্ৰতিবাদকাৰী কৃষকসকলে চৰকাৰ আৰু ব্ৰীজ ভূষণ শৰণৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গান দিয়ে ।

লগতে পঢ়ক :Protest against WFI chief : পদত্যাগ নকৰাৰ ঘোষণা ব্ৰীজ ভূষণ শৰণ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.